অৰ্থনৈতিকঅসমখাদ্য

চাহ খাই ভাল পায় নেকি আপুনি? অসমত এক কেজি চাহপাতৰ মূল্য হ’লগৈ ১ লাখ টকা

পুনৰ এবাৰ ৰেকৰ্ড গঢ়িলে অসমৰ চাহে

অসমৰ চাহ বুলিলে বিশ্ব বিখ্যাত। পুনৰ এবাৰ ৰেকৰ্ড গঢ়িলে অসমৰ চাহে। বিশ্বত জনপ্ৰিয় তথা অতি সুলভ মনোহৰি গোল্ড টীয়ে এইবাৰ গঢ়িলে নতুন ৰেকৰ্ড।

গুৱাহাটী চাহ নিলাম কেন্দ্ৰ (GTAC)ত মঙলবাৰে মনোহৰি গোল্ড টীৰ ১ কেজি চাহপাত বিক্ৰী হয় ৯৯,৯৯৯ টকাত। GTACৰ পৰা সৌৰভ টি ট্ৰেৰ্ডাৰ্চে ক্ৰয় কৰে সৰ্বাধিক মূল্যৰ এই চাহপাত।

উল্লেখ্য যে, বিগত বৰ্ষটো মনোহৰি টী গোল্ডৰ এক কেজি চাহপাত বিক্ৰী হৈছিল সৰ্বাধিক ৭৫,০০০ টকাত। এই অভিলেখ নিজেইএইবাৰ ভংগ কৰিলে মনোহৰি গোল্ড টীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.