অপৰাধঅসম

চাইবুৰ ৰহমানৰ সমুখত নতুন বিপদ, চাইবুৰৰ বিৰুদ্ধে ৰাজসাক্ষী হ’ব মণ্ডল

সোমবাৰে CM ভিজিলেন্সৰ জালত পৰিছে মানকাচৰৰ আন এজন অভিযুক্ত মণ্ডল।

ACS চাইবুৰ ৰহমানৰ সমুখত নতুন বিপদ। এইবাৰ চাইবুৰৰ বিৰুদ্ধে ৰাজসাক্ষী হ’ব মণ্ডল।

চাইবুৰ ৰহমানৰ বিৰুদ্ধে ১৬৪ ধাৰাত জবানবন্দী দিব মণ্ডল নুৰ আলম আৰু সমছুদ্দিনে। জবানবন্দীৰ বাবে বিশেষ ন্যায়াধীশৰ আদালতৰ পৰা অনুমতি ল’লে দুই মণ্ডলে। ইতিমধ্যে, ভূমি আবণ্টনৰ গোচৰ ৰুজু হৈ আছে চাইবুৰ ৰহমানৰ বিৰুদ্ধে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে, সোমবাৰে CM ভিজিলেন্সৰ জালত পৰিছে মানকাচৰৰ আন এজন অভিযুক্ত মণ্ডল। গ্ৰেপ্তাৰ হোৱা মণ্ডলজন দক্ষিণ শালমাৰাৰ নুৰুল হক। বিতৰ্কিত ACS চাইবুৰ ৰহমানৰ সোঁহাত আছিল নুৰুল হক।
চাইবুৰ ৰহমানৰ নিযুক্তি কেলেংকাৰিৰ পিছতে আত্মগোপন কৰিছিল নুৰুল হকে। নুৰুল হকৰ বিৰুদ্ধে ৰুজু হৈ আছিল ১৩ টাতকৈ অধিক গোচৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.