Socialঅসমউৎসৱ

ভাই-ভনী নে প্ৰেমিক যুগল? পিন্ধাইছিল ৰাখী হ’লগৈ স্বামী!

আজি পবিত্ৰ ৰাখী বন্ধন৷ ভাই-ভনীৰ বাবে এটি বিশেষ দিন৷ এই দিনটোত বায়েক অথবা ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধে

ভাই-ভনী নে প্ৰেমিক যুগল? পিন্ধাইছিল ৰাখী হ’লগৈ স্বামী!

আজি পবিত্ৰ ৰাখী বন্ধন৷ ভাই-ভনীৰ বাবে এটি বিশেষ দিন৷ এই দিনটোত বায়েক অথবা ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধে। এই ৰাখী ডালতেই লুকাই থাকে ভনীয়েক অথবা বায়েকৰ মৰম, চেনেহ, ভালপোৱা আৰু ভায়েক বা ককায়েকৰ প্ৰতি থকা মঙ্গলকামনা৷

কিন্তু এতিয়া আমি আহিম এটা বেলেগ প্ৰসংগলৈ৷ যিটো হয়টো শুনিলে কিছু লোকে বিতৰ্ক কৰিব আৰু অন্য কিছু লোকৰ হয়টো স্মৃতি ৰোমন্থন হ’ব৷ যদিও আজি ভাই-ভনীৰ দিন, তথাপিও কিন্তু আজিৰ দিনটোৰ পৰাই বহুতৰ চিৰদিনৰ বাবে ভাঙিছিল ভাই-ভনীৰ সম্পৰ্ক।

ৰ’ব আচলতে ভাঙিছিল যদিও সেয়াই শেষ নাছিল আৰম্ভ হৈছিল অন্য এক কাহিনী প্ৰেম৷ হয় ঠিকেই শুনিছে৷ স্কুল-কলেজত এনে ধৰণৰ কাহিনী প্ৰায় ভাই-ভনীৰ লগতে হৈছিল৷ বহুতেই সেই সময়ত প্ৰেমৰ ভাৱ প্ৰকাশ কৰিবলৈ ভয় কৰে আৰু সেই বিশেষ ভাললগা জনক দাদা অথবা ভন্টি পাতি লয় যাৰ পৰিপ্ৰেক্ষিতত ইজনে সিজনৰ লগত কথা পতাৰ অজুহাত পাই৷ সেই ভাই-ভনীৰ পৰাই আৰম্ভ হয় ভাৱৰ আদান-প্ৰদান৷

কিন্তু ৰাখী বন্ধনৰ দিনটোতে যেতিয়া ৰাখী পিন্ধিবলৈ অস্বীকাৰ কৰে আৰু মনৰ কথাষাৰ ক’বলৈ সাহস পাই সেইদিনটোৰ পৰাই অৰ্থাৎ আজিৰ পৰাই ঘটে কিছু সম্পৰ্কৰ পৰিৱৰ্তন৷ আৰু আজিৰে পৰাই আৰম্ভ হয় কিছু প্ৰেমিক-প্ৰেমিকাৰ অমৰ প্ৰেম কাহিনী৷ আপুনি হয়টো অস্বীকাৰ কৰিব যে ভাই-ভনীৰ পৰা কেনেকৈ প্ৰেমিক যুগল কিন্তু অস্বীকাৰ কৰিলেও বাস্তৱত এয়াই সঁচা৷ Happy Raksha Bandhan দাদাৰ পৰা আৰম্ভ হোৱা প্ৰেম কাহিনী শেষ হয়গৈ বিবাহ বন্ধনত৷

হয়টো এতিয়াও বহুতৰে মনত তেনে অনুভৱ গোপনে নিহীত হৈ আছে কিন্তু সম্পৰ্কত প্ৰভাৱ পৰাৰ ভয়ত প্ৰকাশ নকৰে সেই অনুভৱ৷ মৰম, চেনেহ, প্ৰেম যি ধৰণে অনুভৱ হয় সেই ধৰণেই প্ৰকাশ কৰা উচিত৷ প্ৰেমৰ ইজাহাৰ কৰিবলৈ কোনো বিশে৷ দিনৰ প্ৰয়োজন নাই সেই দিনটো হয়টো ৰাখী বন্ধনো হ’ব পাৰে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 18 =

Back to top button