AssamCity newsElectionleatest updatenationalPMo indiapoliticalদিল্লীদৈনিক বাতৰিভাৰতৰাজনৈতিক

INDIA ALLIANCE ত বিভেদৰ সূত্ৰপাত

মমতা বেনাৰ্জীয়ে জনোৱা মতে তৃণমূল কংগ্ৰেছে নিজৰ যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ ৪২ খন লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু তাৰ পিছতহে কংগ্ৰেছৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতাৰ কথা বিবেচনা কৰিব

সমাগত ২৪ ৰ লোকসভা নিৰ্বাচন। নিৰ্বাচন পূৰ্বেই বিজেপিক প্ৰতিহত কৰাৰ উদ্দেশ্যে গঠন হোৱা বিৰোধী ঐক্যমঞ্চ অৰ্থাৎ INDIA ALLIANCE ত ফাঁট মেলা পৰিলক্ষিত হৈছে।
পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে এখন সংবাদ মেলত ব্যক্ত কৰে যে, আগন্তক লোকসভা নিৰ্বাচনত পঞ্জাৱত কংগ্ৰেছ আৰু আপৰ কোনো মিত্ৰতা নাথাকিব। লগতে বিৰোধী ঐক্যৰ সৈতে কোনো মিত্ৰতা নাথাকে বুলি স্পষ্ট কৰি দিয়ে।

উল্লেখ্য যে শেহতীয়াকৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক ঘোষণাই INDIAN ALLIANCE ত ভাঙোন অনা পৰিলক্ষিত হৈছে। মঙলবাৰে মমতা বেনাৰ্জীয়ে জনোৱা মতে তৃণমূল কংগ্ৰেছে নিজৰ যোগ্যতাৰ ভিত্তিত ৰাজ্যৰ ৪২ খন লোকসভাৰ আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিব আৰু তাৰ পিছতহে কংগ্ৰেছৰ সৈতে ৰাষ্ট্ৰীয় পৰ্যায়ত মিত্ৰতাৰ কথা বিবেচনা কৰিব বুলি কয়।

লক্ষ্যনীয় ভাৱে আপৰ দলীয় কেডাৰ সকলে কংগ্ৰেছৰ সৈতে যিকোনো মিত্ৰতাৰ বিৰোধীতা কৰিছিল। ইতিমধ্যে কংগ্ৰেছ নেতাসকলেও পঞ্জাৱত আপ আৰু কংগ্ৰেছৰ মিত্ৰতা নাথাকে বুলি নিশ্চিত কৰে।

তুলনামূলকভাৱে ভাৰত জোড়ো ন্যায় যাত্ৰাত ৰাহুল গান্ধীৰ সৈতে অসম থকা জয়ৰাম ৰমেশে মমতা বেনাৰ্জীৰ অবিহনে INDIA ALLIANCE ৰ কল্পনা কৰিব নোৱাৰি বুলি মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − two =

Back to top button