অসম

সমাপ্ত হ’ল ৰাজ্যিক কেবিনেটৰ শীতকালীন অধিৱেশন, কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হ’ল কেবিনেটত?

WOMEN COMMISION কাৰ্যক্ষম কৰাৰ বাবে বিশেষ ব্যৱস্থা। চেয়াৰমেনলৈ ৫০ হাজাৰ মাহে পাৰিতোষিক, ভাইচ চেয়াৰমেনলৈ ৪০ হাজাৰ আৰু মেম্বাৰক ৩৫ হাজাৰকৈ দিয়া হ'ব। লগতে দিয়া হ'ব নতুন গাড়ী। যাৱতীয় সকলো সা-সুবিধাই দিয়া হ'ব। নাৰী জনিত সমস্যা সমূহ সমাধানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নাৰীৰ সমস্যা সমাধানৰ বাবে যাতে মানুহে ফিল্ডত গৈ কাম কৰিব পাৰে তাৰ বাবে এই ব্যৱস্হা কৰা হৈছে।

অসম বিধানসভাৰ ৰাজ্যিক কেবিনেটৰ শীতকালীন অধিৱেশনৰ আজি অন্তিম দিন। অন্তিম দিনটোত ৰাজ্য চৰকাৰে গ্ৰহণ কৰিলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আজিৰ কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তসমূহ হ’ল:

⚫’আপোন ঘৰ আচঁনি’ৰ অধীনত ৩১,৯৯৪ জন চৰকাৰী কৰ্মচাৰীয়ে লোন পাইছে। ‘আপোন ঘৰ আঁচনি’ৰ বাবে কেবিনেটে ১৩০ কোটি ৬৪ লাখ টকা মঞ্জুৰ কৰিছে। ইয়াৰ জৰিয়তে যিসকল কৰ্মচাৰী এই সুবিধাৰ পৰা বঞ্চিত, সেইসকল কৰ্মচাৰী উপকৃত হ’ব ।
⚫অইল কোম্পানী সমূহক একেলগ কৰি এটা কোম্পানী কৰা হ’ব। অইল কোম্পানীৰ সকলো বিনিয়োগ এটা একাউন্টলৈ অনাৰ বাবে লোৱা হৈছে এই সিদ্ধান্ত।
⚫অঙ্গনাবাড়ী কৰ্মী আৰু সহায়িকা সকলে ৬০ বছৰ বয়সত অৱসৰ ল’ব লাগিব। কমেও ১০ বছৰ কাম কৰাসকলে অৱসৰৰ সময়ত ৪ লাখ অথবা ৩ লাখকৈ টকাকৈ পাব।
⚫GeM PORTALৰ জৰিয়তে সকলো বস্তু ক্ৰয় কৰিব পাৰিব। লোকেল উদ্যোগেও GeM PORTALত ৰেজিষ্ট্ৰেচন কৰিব লাগিব।
⚫গুৱাহাটীত হ’ব আন এটা ৰ’পৱে। কেন্দ্ৰীয় চৰকাৰৰ PIYUSHIE ৬ মাহৰ ভিতৰত প্ৰস্তুত কৰিব DPR।
⚫বেংক গ্যাৰান্টী, Cotract সকলো লেন-দেন হ’ব ডিজিটেল মাধ্যমেৰে।
⚫NRLৰ ২৬% শ্বেয়াৰ লোৱা হৈছিল। ৪১৬ কোটি টকা আজি ৰিলিজ কৰি দিয়া হৈছে। ইয়াৰ লগে লগে ২৬ % শ্বেয়াৰ ৰাজ্য চৰকাৰৰ লগত NRL ৰ পোনপটীয়াকৈ সম্পূৰ্ণ হ’ল। পূৰ্বতে অইলৰ লগত সংযোগ আছিল।
⚫নিযুক্তিৰ ক্ষেত্ৰত ২% EX SERVICE মেনৰ জৰিয়তে পূৰণ কৰা হ’ব।
⚫WOMEN COMMISION কাৰ্যক্ষম কৰাৰ বাবে বিশেষ ব্যৱস্থা। চেয়াৰমেনলৈ ৫০ হাজাৰ মাহে পাৰিতোষিক, ভাইচ চেয়াৰমেনলৈ ৪০ হাজাৰ আৰু মেম্বাৰক ৩৫ হাজাৰকৈ দিয়া হ’ব। লগতে দিয়া হ’ব নতুন গাড়ী। যাৱতীয় সকলো সা-সুবিধাই দিয়া হ’ব। নাৰী জনিত সমস্যা সমূহ সমাধানৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নাৰীৰ সমস্যা সমাধানৰ বাবে যাতে মানুহে ফিল্ডত গৈ কাম কৰিব পাৰে তাৰ বাবে এই ব্যৱস্হা কৰা হৈছে।
⚫লংকা টাউনত উচ্ছেদ হোৱাৰ পিছত আজি সেই ঠাইৰ হাজং আৰু চাকমা ১৯৬ টা পৰিয়ালক আঢ়ৈ কঠাকৈ ভূমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
⚫ভৱেশ কলিতা আৰু ৰমেন্দ্ৰ নাৰায়ন কলিতাক কেবিনেট ৰেংক দিলে কেবিনেটে।
⚫প্ৰশান্ত ফুকন, বিদ্যাছিং ইঙলেং ,ৰমাকান্ত দেউৰী আৰু বলিন চেতিয়াক আজিৰ কেবিনেটে প্ৰদান কৰিলে কেবিনেট মৰ্য্যাদা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 5 =

Back to top button