অসমবন্যপ্ৰাণী

ইয়াত এখন অৰণ্য আছিল! বিলুপ্তপ্ৰায় বান্দৰৰ ৭টা জঁকা উদ্ধাৰে শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক…

যদি বন্যপ্ৰাণীসমূহ জীয়াই ৰাখিব লাগে, তেন্তে সচেতন হ'ব লাগিব সমাজৰ প্ৰত্যেকজন লোক। তেতিয়াহে জৈৱ-বৈচত্ৰ্যতাৰে আৰু অধিক চহকী হ'ব অসম। তেতিয়া হয়তো আমি ভৱিষ্যতে ক'ব নালাগে 'ইয়াত এখন অৰণ্য আছিল'!

বনদস্যুৰ কৱলত বিলুপ্তপ্ৰায় প্ৰজাতিৰ বান্দৰ। শোণিতপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিহালী সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ পাঁচ বিৰল প্ৰজাতিৰ টুপীমূৰীয়া বান্দৰ(Capped Langurs)ৰ জঁকা।

ইয়াত এখন অৰণ্য আছিল! বিলুপ্তপ্ৰায় বান্দৰৰ ৭টা জঁকা উদ্ধাৰে শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক...

নৱবৰ্ষৰ আৰম্ভণিতে ৪ জানুৱাৰীত বিহালী সংৰক্ষিত বনাঞ্চলৰ হাতীদিপু আৰু ৰঙা পিকনিক স্থানৰ ওচৰতে Wildlife Conservation Agencyৰ সদস্যই প্ৰত্যক্ষ কৰে টুপীমূৰীয়া বান্দৰৰ জঁকা।

ইয়াত এখন অৰণ্য আছিল! বিলুপ্তপ্ৰায় বান্দৰৰ ৭টা জঁকা উদ্ধাৰে শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক...

উল্লেখ্য যে, টুপীমূৰীয়া বান্দৰ হৈছে বিহাৰী সংৰক্ষিত বনাঞ্চলখনৰ অন্যতম মুখ্য আকৰ্ষণ। International Union for Conservation of Nature(IUCN)এ ইতিমধ্যে অস্তিত্বৰ সংকটত থকা বুলি ঘোষণা কৰিছে টুপীমূৰীয়া বান্দৰ।কিন্তু তেনে সময়তে বনাঞ্চলখনত জানুৱাৰীৰ প্ৰথম ভাগতে এটা গৱেষকৰ দলে উদ্ধাৰ কৰে ৭টা টুপীমূৰীয়া বান্দৰৰ জঁকা। ছাল, হাঁড় আৰু নেগুৰৰ বাবেই চোৰাং চিকাৰীয়ে হত্যা কৰে এই বিলুপ্তপ্ৰায় বান্দৰ। বিহালীত এই বান্দৰৰ জঁকা উদ্ধাৰৰ আঁৰত চোৰাংচিকাৰী জড়িত থকাৰ সন্দেহ এইবাবেই কৰা হৈছে, যিহেতু বান্দৰকেইটাৰ লাওখোলা আৰু কেইডালমান হাঁড়ৰ বাহিৰে সেই স্থানত একোৱেই উদ্ধাৰ হোৱা নাই। কেৱল বান্দৰেই নহয়, বিহালী সংৰক্ষিত বনাঞ্চলত চোৰাংচিকাৰীয়ে মাজে-সময়ে বন্যহস্তী, চৰাই-চিৰিকতিৰো চিকাৰ কৰা দেখা যায়।

ইয়াত এখন অৰণ্য আছিল! বিলুপ্তপ্ৰায় বান্দৰৰ ৭টা জঁকা উদ্ধাৰে শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক...

অৱশ্যে, অসমৰ জীৱকূলৰ পৰা ধীৰে-ধীৰে হেৰাই যাবলৈ ধৰা বিলুপ্তপ্ৰায় প্ৰজাতিৰ টুপীমূৰীয়া বান্দৰৰ অৱশিষ্ট উদ্ধাৰে ভাবুকি কঢ়িয়াই আনিছে বনাঞ্চলখনৰ জৈৱ-বৈচিত্ৰ্যতালৈ।

ইয়াত এখন অৰণ্য আছিল! বিলুপ্তপ্ৰায় বান্দৰৰ ৭টা জঁকা উদ্ধাৰে শংকিত কৰি তুলিছে প্ৰকৃতিপ্ৰেমীক...

স্থানীয় লোকে অতি শীঘ্ৰেই দুষ্কৃতিকাৰীক চিনাক্ত কৰি উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে। আনকি বনাঞ্চলখনত সংঘটিত হৈ থকা সকলো অবৈধ কাৰ্য-কলাপ বন্ধ কৰাৰো আহ্বান জনাইছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত অভিযান আৰম্ভ কৰিছে বনবিভাগৰ দলে। কিন্তু এতিয়া প্ৰশ্ন হয়, কেতিয়া সচেতন হ’ব জীৱশ্ৰেষ্ঠ? একাংশ লোকৰ অসচেতনতাৰ বাবেই এফালৰ পৰা হেৰাই যাব ধৰিছে বন্যপ্ৰাণীসমূহ। যদি বন্যপ্ৰাণীসমূহ জীয়াই ৰাখিব লাগে, তেন্তে সচেতন হ’ব লাগিব সমাজৰ প্ৰত্যেকজন লোক। তেতিয়াহে জৈৱ-বৈচত্ৰ্যতাৰে আৰু অধিক চহকী হ’ব অসম। তেতিয়া হয়তো আমি ভৱিষ্যতে ক’ব নালাগে ‘ইয়াত এখন অৰণ্য আছিল’!

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + 16 =

Back to top button