অপৰাধঅসমঅসম আৰক্ষী

এইবাৰ গো-মাফিয়ালৈ আৰক্ষীৰ গুলী

ধুবুৰীৰ সদৰ আৰক্ষী থানাত ছহিদুৰৰ বিৰুদ্ধে 1929/21 U/S 379/411 IPC R/W sec.13 ধাৰাত ৰুজু হৈ আছিল গোচৰ।

ৰাজ্যত পুনৰ এনকাউণ্টাৰ। শনিবাৰে নিশা ধুবুৰীত আৰক্ষীৰ গুলীচালনা ৷ গুলীবিদ্ধ এজন ড্ৰাগছ, গো- মাফিয়া ছহিদুৰ ৰহমান ওৰফে লান। আৰক্ষীক আক্ৰমণ কৰি আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই গুলীয়াবলৈ উদ্যত হয় আৰক্ষী।

উল্লেখ্য যে, দীৰ্ঘদিন ধৰি গৰুৰ চোৰাং বেহা আৰু ড্ৰাগছৰ বেহাৰ সৈতেও জড়িত আছিল ছহিদুৰ৷ ধুবুৰীৰ সদৰ আৰক্ষী থানাত ছহিদুৰৰ বিৰুদ্ধে 1929/21 U/S 379/411 IPC R/W sec.13 ধাৰাত ৰুজু হৈ আছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিতেই নিশা ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মাফিয়া ছহিদুৰক।

ভৰিত গুলী লগাৰ পাছত আৰক্ষীয়ে কৰায়ত্ত কৰিবলৈ সক্ষম হয় ছহিদুৰ ৰহমানক৷ বৰ্তমান ধুবুৰী অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰি ৰখা হৈছে ছহিদুৰক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.