অসমজন্তুদুৰ্ঘটনাবন্যপ্ৰাণী

গোৱালপাৰাত পুনৰ ৯টাকৈ বন্যহস্তী গাঁতত আবদ্ধ

পূৰ্বে দুবাৰকৈ সংঘটিত হৈছিল অনুৰূপ ঘটনা

গোৱালপাৰাৰ লক্ষীপুৰৰ চৈবাৰীত পুনৰ দ পুখুৰীত পৰিল ৯ টাকৈ বনৰীয়া হাতী। নিশাৰ ভাগত JCBৰ সহায়ত বন বিভাগে জীৱন্তে উদ্ধাৰ কৰে বনৰীয়া হাতী কেইটা।

উল্লেখ্য যে, যোৱা এক ডিচেম্বৰত পাচঁটাকৈ আৰু ২ ডিচেম্বৰৰ নিশা ৬টাকৈ মুঠ ১১ টাকৈ বনৰীয়া হাতী চৈবাৰীৰ আন এটা দ খাৱৈত পৰিছিল। অৱশ্যে লক্ষীপুৰ বনবিভাগে উদ্ধাৰ কৰিছিল হাতী কেইটা।
চৈবাৰীৰ তৈল খেজুৰৰ কৃষি ভুমি হস্তী কুলৰ বাবে যেন হৈ পৰিছে অভিশপ্ত। বাগানৰ পুখুৰীত বাৰে বাৰে সংঘটিত হবলৈ ধৰিছে এনে হৃদয়বিদাৰক ঘটনা। এতিয়ালৈ দুটা পুখুৰীত পৰিল ২০টাকৈ বন্যহস্তী।

চৈবাৰীৰ তৈল খেজুৰত থকা মৰন ফান্দ সদৃশ দ খাৱৈ সমূহত ভালকৈ পাৰ খান্দি দিলে নিশ্চয় বাৰে বাৰে এনে ঘটনাৰ পুনৰাবৃত্তি নহ’লহেতেন । ইতিমধ্যে সচেতন নাগৰিকে লক্ষীপুৰ বনাঞ্চলৰ অন্তৰ্গত দাতিকাষৰীয়া গ্ৰামাঞ্চলত অব্যাহত থকা এনে হাতীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ বিজ্ঞান সন্মত ব্যৱস্থা হাতত লবলৈ দাবী জনাইছে ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.