আকাশবাণীআন্তঃৰাষ্ট্ৰীয়

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ জন্মতিথিত অল ইণ্ডিয়া ৰেডিঅ’ৰ বিশেষ আয়োজন

আজি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ স্মৃতি বক্তৃতাৰ বাৰ্ষিক সংস্কৰণ সম্প্ৰচাৰ কৰিব অল ইণ্ডিয়া ৰেডিঅ'ই

ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদৰ আজি ১৩৮ সংখ্যক জন্মতিথি। প্ৰাক্তন ৰাষ্ট্ৰপতিক সুৱৰি অল ইণ্ডিয়া ৰেডিঅ’ৰ বিশেষ আয়োজন। আজি ড° ৰাজেন্দ্ৰ প্ৰসাদৰ স্মৃতি বক্তৃতাৰ বাৰ্ষিক সংস্কৰণ সম্প্ৰচাৰ কৰিব অল ইণ্ডিয়া ৰেডিঅ’ই। এইবাৰ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিশা ৯.৩০ বজাৰ পৰা অল ইণ্ডিয়া ৰেডিঅ’ৰ সমগ্ৰ নেটৱৰ্কত সম্প্ৰচাৰিত ভাষণ প্ৰদান কৰিব বুলি শুকুৰবাৰে এক বিবৃতিৰ জৰিয়তে চৰকাৰক অৱগত কৰে। শ্ৰোতাসকলে অল ইণ্ডিয়া ৰেডিঅ’ৰ প্ৰাথমিক চেনেল, ১০০.১ এফ এম গোল্ড, ১০২.৬ এফ এম ৰামধেনু, আৰু অনলাইন প্ৰৱেশৰ বাবে @airnewsalerts টুইটাৰ, নিউজ অন এয়াৰ অফিচিয়েল ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপত টিউন কৰিব পাৰিব। নিশা ১০:৩০ বজাৰ পৰা দূৰদৰ্শনতো টেলিকাষ্ট কৰা হ’ব বক্তৃতা। ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি এই বৰ্ষৰ থিম হৈছে “অমৃত কাল মেই ভাৰতীয়তা”। ড০ ৰাজেন্দ্ৰ প্ৰসাদৰ স্মৃতিত AIRৰ পৰা বক্তৃতা শৃংখলা ১৯৬৯ চনৰ পৰাই এক সন্মানীয় পৰম্পৰা হৈ আহিছে।

 

 

 

 

 

 

 

প্ৰকাশিত বাতৰি অনুসৰি, ইয়াৰ পূৰ্বে প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ শংকৰদয়াল শৰ্মা, প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বেহাৰী বাজপেয়ী, প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি এম.ভেংকয়া নাইডু, ভাৰতীয় সাহিত্যৰ ডয়েন হাজৰি প্ৰসাদ দ্বিবেদী, মহাদেৱী ভাৰ্মা, হৰিৱংশ ৰায় বচ্চনৰ দৰে বিশিষ্ট ব্যক্তিসকল সেইসকলৰ ভিতৰত অন্যতম যিসকলে ভাৰতৰ সাংস্কৃতিক নীতি-নিয়ম আৰু ইয়াৰ অগ্ৰগতিৰ ওপৰত ব্যাপক বিষয়সমূহৰ ওপৰত এই সন্মানীয় স্মৃতিচাৰণ বক্তৃতা প্ৰদান কৰিছে। বক্তৃতা শৃংখলাত জাতিটোৰ ৰাজনৈতিক, সাংস্কৃতিক আৰু সামাজিক পৰিৱেশৰ মূল্যায়ন কৰিব বিচৰা হৈছে। এই বক্তৃতাসমূহৰ জৰিয়তে দেশৰ সাফল্য আৰু ভৱিষ্যতৰ সম্ভাৱনাৰ সমালোচনাত্মক বিশ্লেষণো কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

6 + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.