অসমমনোৰঞ্জন

কণ্ঠশিল্পী দ্বীপলিনা ডেকাৰ কাষত কোন এইজন যুৱক!

দ্বীপলিনাক কাষত পাই উৎফুল্লিত কবি ধ্ৰুৱজ্যোতি দাস

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী দ্বীপলিনা ডেকা উপস্থিত হ’ল এগৰাকী বিশেষ অনুৰাগীৰ ঘৰত। বাক্সা জিলাৰ সষ্টৰ গাঁৱৰ নৱপ্ৰজন্মৰ এগৰাকী অত্যন্ত প্ৰতিভাশালী কবি ধ্ৰুৱজ্যোতি দাসৰ কাষত উপস্থিত হ’ল কণ্ঠশিল্পী দ্বীপলিনা। কপিল দাস আৰু চম্পা দাসৰ একমাত্ৰ পুত্ৰ সন্তান ২৩ বছৰীয়া ধ্ৰুৱজ্যোতি দাস দিব্যাংগ যদিও কবিতাৰ মাজেৰে ধ্ৰুৱজ্যোতিয়ে অনুপ্ৰাণিত কৰি আহিছে কবিতা প্ৰেমীসকলক। কণ্ঠশিল্পী দ্বীপলিনাৰ লগত ধ্ৰুৱজ্যোতিয়ে ফোন আৰু মেছেজৰ জৰিয়তে প্ৰায়ে যোগাযোগ ৰাখি আছিল আৰু অৱশেষত কণ্ঠশিল্পী দ্বীপলিনাই তেওঁৰ প্রিয় অনুৰাগীৰ ঘৰলৈ আহি সাক্ষাৎ কৰিলে ।

 

দ্বীপলিনাক পাই যথেষ্ট উৎসাহিত হৈ পৰা দেখা গ’ল ধ্ৰুৱজ্যোতিক। ফুলাম গামোচাৰে সন্মান জনাই ধ্ৰুৱজ্যোতিয়ে ক’লে, যেতিয়াই গামোচাখন দেখিবা তেতিয়াই ভাইটিলৈ মনত পৰিব। আনহাতে ধ্ৰুৱজ্যোতিৰ প্ৰতিভাত মুগ্ধ হৈ পৰিল দ্বীপলিনা। ধ্ৰুৱজ্যোতিৰ কবিতাত দ্বীপলিনাই বিচাৰি পায় যথেষ্ট ইতিবাচক দিশ। ‘এন্ধাৰে এন্ধাৰে’, ‘ৰঙা মদাৰৰ উচুপনি’ আৰু ‘জীৱনৰ হেঁপাহ’ নামেৰে তিনিখন উচ্চ মানবিশিষ্ট কাব্যগ্ৰন্থ প্ৰকাশ কৰি উলিওৱা ধ্ৰুৱজ্যোতিৰ পৰৱৰ্তী কাব্যগ্ৰন্থ প্ৰকাশ কৰিব দ্বীপলিনাই । আনহাতে ধ্ৰুৱজ্যোতিৰ কবিতা পাঠ কৰি ৰাইজৰ বাবে উলিয়াই দিব বুলিও মন্তব্য কৰে দ্বীপলিনাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.