অসমউৎসৱকৃষিখাদ্যমনোৰঞ্জন

কাইলৈ ফাগুন মাহৰ প্ৰথমটো বুধবাৰ, উলহ মালহেৰে প্ৰস্তুত মিছিং জনগোষ্ঠী…

প্ৰান্তে প্ৰান্তে এতিয়া মিচিং জনজাতিসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ শেষ আয়োজন চলিছে

কাইলৈ ফাগুন মাহৰ প্ৰথমটো বুধবাৰ। কাইলৈ পালন কৰা হ’ব মিছিং জনগোষ্ঠীৰ আলি আয়ে লিগাং।
ৰাজ্যবাসীৰ লগতে নদীদ্বীপ মাজুলীৰ প্ৰান্তে প্ৰান্তে এতিয়া মিচিং জনজাতিসকলৰ বসন্ত উৎসৱ আলি আয়ে লৃগাং উদযাপনৰ শেষ আয়োজন চলিছে।

প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত এই উৎসৱ পালন কৰা হয়। সেই উদ্দেশ্যে মিচিং বসতি প্ৰধান মাজুলীৰ গাঁৱে-ভূঁয়ে ডেকা-গাভৰুসকলে তেওঁলোকৰ পৰম্পৰাগত নৃত্য-গীতৰ আখৰা আৰম্ভ কৰিছে।

উল্লেখ্য যে, অসমৰ অন্যতম জনগোষ্ঠী মিচিংসকলৰ কৃষিভিত্তিত উৎসৱ আলি আয়ে লৃগাংৰ দিন উদযাপন হ’ব ফাগুনৰ প্ৰথমটো বুধবাৰ অৰ্থাৎ ১৬ ফেব্ৰুৱাৰীত। সেইদিনাই দঞি পঃলক বিশ্বাসী মিচিং জনজাতীয় লোকসকলে দঞি- পঃল,কাৰ্চিং কাৰদাং আদি অদৃশ্য দেৱতাক সাক্ষী কৰি বীজ সিঁচাৰ আনুষ্ঠানিক পৰ্ব আৰম্ভ কৰিব। ইয়াৰ লগে লগে এতিয়া মাজুলী কনেংহতৰ ৰি:বি গাচেং, মিবু গালুক, গনৰ উগন,টঙানী, দুমেৰ,এৰকক আদি বিভিন্ন পোছাক সামগ্ৰীৰ প্ৰস্তুত কৰাত ব‍্যস্ত হৈ পৰিছে মাজুলীৰ মিচিং জীয়ৰী-বোৱাৰীসকল৷

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

5 × five =

Back to top button