অসমক্ৰিকেটখেলবিশ্বভাৰত

ভাৰতীয় নাৰীয়ে ৰচিলে ইতিহাস

ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ দলটোৱে ইতিহাস ৰচাত অন্যতম অৱদান আগবঢ়ালে বোকাখাতৰ উমা ছেত্ৰীয়ে

যিখন গাঁৱৰ পৰা, যিখন ঘৰৰ পৰা উমা ওলাই গৈছিল এই বাটেৰে, সেই গাঁওখনত, সেই ঘৰখনত এতিয়া আনন্দৰ লহৰ । নিজ কন্যাৰ সাফল্যত গৌৰৱান্বিত উমাৰ পিতৃ-মাতৃ, আত্মীয়-স্বজন । বোকাখাতৰ বাসগৃহত এতিয়া উখল-মাখল পৰিৱেশ । সকলোৱে একেলগে উপভোগ কৰিলে উমাৰ খেল । পোনপ্ৰথমবাৰৰ বাবে বিশ্বকাপত খিতাপ অৰ্জন কৰিলে ভাৰতীয় মহিলা ক্ৰিকেটাৰে । বিশ্বকাপ বিজয়ী মহিলা ক্ৰিকেটাৰৰ দলটোত আছে এগৰাকী অসম কন্যা । ভাৰতীয় মহিলা ক্ৰিকেটাৰৰ দলটোৱে ইতিহাস ৰচাত অন্যতম অৱদান আগবঢ়ালে বোকাখাতৰ সু-সন্তান উমা ছেত্ৰীয়ে । প্ৰবল ইচ্ছাশক্তি আৰু কঠোৰ পৰিশ্ৰমৰ ফলত এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’ল উমা ।

উমা আগুৱাই যাওক, আৰু ভালকৈ খেলক বুলি আশা প্ৰকাশ কৰি মোমায়েকে কয়,”বহুত দুখ-কষ্টৰ মাজেৰে উমা আগবাঢ়ি গৈছে ৷ ঘৰৰ পৰা ৭ কিঃমিঃ দূৰলৈ খোজ কাঢ়ি অহা-যোৱা কৰি উমা প্ৰতিদিনে খেলপথাৰলৈ নিত্য অভ্যাসৰ বাবে গৈছিল । কেতিয়াবা দেৰি হ’লে লগৰ কাৰোবাৰ ঘৰত থাকে আমি আনিবলৈ নিশা বিচাৰি যাওঁ ৷”

আনন্দিত উমাৰ পিতৃয়েও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিলে জীয়ৰি উমাৰ খেল টেলিভিছনত প্ৰত্যক্ষ কৰাৰ কথা ৷ খেলৰ আগদিনা ভালকৈ খেলিবলৈ আশীৰ্বাদ কৰাৰ কথাও প্ৰকাশ কৰে উমাৰ পিতৃয়ে ৷

একেদৰে, উমাৰ অংশগ্ৰহণ আৰু ভাৰতীয় মহিলা দলৰ বিশ্বকাপ জয়ত আনন্দিত উমাৰ ককায়েক ৷ উমা ছেত্ৰীৰ খেল চাবলৈ উমাৰ সৈতে মাতৃ আৰু সৰু ভাতৃও গৈছে বুলি জানিবলৈ দিয়ে উমাৰ ককায়েকে ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + 12 =

Back to top button