আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয় সুৰক্ষা

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াই কৰিব আক্ৰমণ! ঘোষণা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ মাজত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এটা পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে

১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ কথা উল্লেখ কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে।
ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত চলি থকা তীব্ৰ উত্তেজনাময় পৰিৱেশৰ মাজত ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এটা পোষ্টে চাঞ্চল্যৰ সৃষ্টি কৰিছে।

ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে সোমবাৰে তেওঁৰ এটা ফেচবুক পোষ্টত ১৬ ফেব্ৰুৱাৰীত ইউক্ৰেইনৰ ওপৰত ৰাছিয়াৰ সম্ভাব্য আক্ৰমণৰ কথা উল্লেখ কৰিছে। ফেচবুকত পোষ্ট যোগে তেওঁ ৰাষ্ট্ৰবাসীক সম্বোধন কৰি কয়, ” আমাক জনোৱা হৈছে যে, ১৬ ফেব্ৰুৱাৰীৰ দিনটো আক্ৰমণৰ দিন হ’ব”।

তথ্য অনুসৰি, ৰাছিয়াই ইউক্ৰেইনৰ সীমান্তৰ ওচৰত ১,০০,০০০ তকৈও অধিক সৈন্য মোতায়েন কৰিছে। এই ঘটনাই আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু নাটো মিত্ৰশক্তিৰ মাজত উদ্বেগ সৃষ্টি কৰিছে যে ৰাছিয়াই সামৰিক অনুপ্ৰৱেশৰ পৰিকল্পনা কৰিছে। অৱশ্যে, ৰাছিয়াই এনে ধৰণৰ কোনো পৰিকল্পনা ৰখাৰ কথা নিৰন্তৰ অস্বীকাৰ কৰি আহিছে।

ইয়াৰ পূৰ্বে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে শনিবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে কথা পাতি কৈছিল যে, যদি ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰে তেন্তে ইয়াৰ ফল ভোগ কৰিব লাগিব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

10 − six =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.