অসমগুৱাহাটীমনোৰঞ্জন

১৫ বছৰীয়া প্ৰেমৰ অন্তত বিবাহপাশত আবদ্ধ হ’ল আচুৰ্য–মীনাক্ষি

হোমৰ জুইক সাক্ষী কৰি ডেৰগাঁৱৰ মিনাক্ষীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই

হোমৰ জুইক সাক্ষী কৰি ডেৰগাঁৱৰ মিনাক্ষীৰ সৈতে যুগ্ম জীৱনৰ পাতনি মেলিলে জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰই । ১৫ বছৰীয়া প্ৰেমৰ অন্তত হোমৰ অগ্নিক সাক্ষী কৰি বিবাহ পাশত আৱদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী। ৰামচন্দ্ৰ হৈ দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিলে আচুৰ্যই।

আচুৰ্যৰ বিয়াত উপস্থিত থাকিল জুবিন গাৰ্গৰ পৰা আৰম্ভ কৰি অসমৰ বহুতো শিল্পী। বৰযাত্ৰীৰ লগত বিমান বৰুৱা,কুসুম কৈলাশ ,প্ৰাণদ্বীপ,কেকে খ্যাত সিদ্ধাৰ্থ শৰ্মা,বাইলুং খ্যাত চুমকি শইকীয়াক আদি। দেৰগাঁৱৰ কইনাৰ ঘৰত আচুৰ্যৰ সাক্ষী হৈ গৈছিল জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশ। প্ৰায় ২০০খন বাহনেৰে আচুৰ্যৰ বৰযাত্ৰীৰ হৈ গৈছিল প্ৰায় ১ সহস্ৰাধিক লোক।

২ মাৰ্চত অভ্যৰ্থনা, সৰুপথাৰৰ টেঙাহোলা ঘৰখনত উখল–মাখল পৰিৱেশ। ১৫,০০০ লোকক আপ্যায়ন কৰিব পৰাকৈ নিৰ্মাণ কৰা হৈছে বৃহৎ পেণ্ডেল। অভ্যৰ্থনা দিনাও আচুৰ্য–মিনাক্ষীক আশীৰ্বাদ দিবলৈ আহিব বহুকেইজন জনপ্ৰিয় শিল্পী, ৰাজনৈতিক তথা বিভিন্ন দল–সংগঠনৰ নেতাৰ লগতে অগণন গুণমুগ্ধই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × 3 =

Back to top button