অসমআন্তঃৰাষ্ট্ৰীয়চীনদৈনিক বাতৰিবিজ্ঞানবিশ্ব

কি নহয় এই পৃথিৱীত! এইবাৰ আবিষ্কাৰ হ’ল চুমা খাব পৰা যন্ত্ৰ

এইবাৰ চীন দেশে আবিষ্কাৰ কৰিলে "Remote kissing device"

নানা আচৰিত আচৰিত আবিষ্কাৰৰে চীন দেশে সদায় বিশ্বক চমক দি আহিছে। এইবাৰ চীন দেশে আবিষ্কাৰ কৰিলে ” Remote kissing device” কিন্তু কি এই Device?
দূৰৈত থকা আপোনজন বা আতৰে-আতৰে থকা পতি-পত্নীয়ে যাতে দূৰৈত থাকিও ওচৰত থকাৰ দৰে অনুভব কৰিব পাৰে, তাৰবাবে আবিষ্কাৰ কৰিছে এই device. তাৰবাবে প্ৰথমে দুয়োজনে নিজৰ মোবাইলত এটা app download কৰিব লাগিব আৰু এই device টো দুয়োজনে কিনি লৈ মোবাইলৰ চাৰ্জিং পইণ্টত connect কৰিব লাগিব।
তাৰপাছত দুয়ো ভিডিঅ’ কল কৰি এই device ৰ দ্বাৰা চুম্বন কৰিব পাৰিব। আচৰিত কথাটো হ’ল.. এই চুম্বনত ঠিক সেই অনুভবেই থাকিব, সেই স্পৰ্শ বা উত্তাপ থাকিব আৰু সেই motion য়েই থাকিব যিবোৰ ইজনে আনজনৰ বাবে দূৰৈৰ পৰাই নিজৰ device টোত কৰি থাকিব।
এক কথাত দূৰত থাকিও একে অনুভব, একেই স্পৰ্শানুভূতি। এইটো অকল আপোনজনৰ লগতেই নহয়, অচিনাকী জনৰ লগতো ব্যৱহাৰ কৰিব পাৰে আৰু কিছুমান dating site ত ইয়াৰ জনপ্ৰিয়তা সাংঘাতিক ভাবে বাঢ়িছে।
এই device টোক লৈ সপক্ষে বিপক্ষে বহু তৰ্ক বিতৰ্ক হৈছে আৰু ই স্বাভাৱিক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 3 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.