অসমউৎসৱদৈনিক বাতৰি

নৱবৰ্ষৰ প্ৰথম দিনটোত অভয়াপুৰীৰ শিঙিমাৰী ফিলিং ষ্টেচনত ৰঙালী বিহু উদযাপন

নৱবৰ্ষৰ প্ৰথম দিনটোত অভয়াপুৰীৰ শিঙিমাৰী ফিলিং ষ্টেচনত ৰঙালী বিহু উদযাপন

আজি পহিলা ব’হাগ। অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। হেপাঁহৰ ৰঙালী বিহুক লৈ সমগ্ৰ ৰাজ্যত উখল-মাখল পৰিবেশ। বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ শিঙিমাৰী ফিলিং ষ্টেচনত দেখিবলৈ পোৱা গৈছে এক অনন্য পৰিৱেশ। ফিলিং ষ্টেচনটোৰ সকলো কৰ্মচাৰীয়ে বিহুৰ পৰম্পৰাগত সাজপোচাক পৰিধান কৰি কৰ্মত নিয়োজিত হৈ থকাৰ দৃশ্যই দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কৰ্মব্যস্ততাৰ মাজতো ফিলিং ষ্টেচনটোৰ কৰ্মাচাৰীসকলে বিহুনাম জুৰি এপাক বিহুনাচি ৰঙালীৰ আনন্দত মতলীয়া হোৱা পৰিলক্ষিত হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 + four =

Back to top button