অসমউৎসৱদৈনিক বাতৰি

বৰপেটাত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব’হাগ বিহু

বৰপেটাত সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব’হাগ বিহু

অসমৰ বাপোটি সাহোন ৰঙালী বিহুটি ৰাজ্যবাসীয়ে আনন্দ উলাহেৰে পালন কৰাৰ সময়তে বৰপেটাতো সম্পূৰ্ণ সত্ৰীয়া পৰম্পৰা আৰু ৰীতি-নীতিৰে পালন কৰা হৈছে ব’হাগ বিহু৷ বৰপেটাত ৰঙালী বিহুৰ ঢোল-পেপা-গগনা বিহু নামৰ পৰিৱৰ্তে সম্পূৰ্ণ সত্ৰীয়া ৰীতিৰে পালন কৰা হয় ব’হাগ বিহু৷ আজি পহিলা ব’হাগৰ দিনটোত বৰপেটা সত্ৰত পালন কৰা হৈছে বৰ দোমাহি৷ বৰ দোমাহি উপলক্ষে সত্ৰত সেৱা জনাবলৈ ভিৰ কৰেহি ভক্তপ্ৰাণ লোকসকলে৷ সত্ৰত পুৱা নাম প্ৰসংগৰ পিছত সত্ৰৰ গায়ন-বায়নে গুৰুঘাট বজায়৷ হৰিনামৰ অমিয়া সুৰ, গায়ন-বায়নৰ ভক্তিভাৱপূৰ্ণ খোলৰ চেও আৰু ভকতিৰ ৰসত বুৰ গৈছে বৰপেটা সত্ৰ চৌহদ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × two =

Back to top button