leatest updateদিল্লীদুৰ্ঘটনাভাৰত

নিশ্চিত মৃত্যুৰ মুখৰ পৰা বাচিল এটি দেৱশিশু!

ঘটনা শুনিলে গাৰ নোম শিয়ঁৰি উঠিব আপোনাৰো...

দিল্লীত এক ভয়ংকৰ ঘটনা। চাবোন-পানীৰে ভৰা ৱাশ্বিং মেচিনত বাগৰি পৰে এটি ডেৰ বছৰীয়া শিশু। কেৱল এয়াই নহয় প্ৰায় ১৫ মিনিট সময় সেই পানীত ডুব গৈ থাকিল শিশুটি। সাত দিন ক’মা, কিছুদিন ভেন্টিলেটৰ আৰু ১২ দিন ৱাৰ্ডত থকাৰ পিছত অলৌকিকভাৱে সুস্থ হৈ ঘৰলৈ ওভতে শিশুটি। শিশুটিক বসন্ত কুঞ্জৰ ফৰ্টিছ হাস্পতালত ভৰ্তি কৰোৱা হয়।

চিকিৎসালয়খনৰ চিকিৎসকে জনোৱা মতে, এতিয়া শিশুটিয়ে স্বাভাৱিক আচৰণ কৰাৰ লগতে সঠিকভাৱে খোজ কাঢ়িবলৈ সক্ষম হৈছে। টাইমছ অৱ ইণ্ডিয়াৰ বাতৰি অনুসৰি চিকিৎসকে জনোৱা মতে, যেতিয়া শিশুটিক চিকিৎসালয়লৈ অনা হৈছিল তেতিয়া অচেতন, দেহ ঠাণ্ডা আৰু উশাহ-নিশাহৰ সমস্যাত আছিল শিশুটি।

চিকিৎসকে জনোৱা মতে, শিশুটিৰ মাতৃৰ ভাষ্য অনুসৰি ৱাশ্বিং মেচিনটোৰ কাষতে থকা এখন চকীত উঠাৰ পাছতে ঢাকনি খোলা থকা চাবোন পানীৰে ভৰা ৱাশ্বিং মেচিনটোত সোমাই পৰে শিশুটি। চিকিৎসকৰ মতে ঈশ্বৰৰ ইচ্ছাত ৰক্ষা পৰিছে শিশুটি। কিয়নো চাবোন পানীৰে ভৰপূৰ ৱাশ্বিং মেচিনটোত যদিহে শিশুটি আৰু কিছু সময় থাকিল হয় তেন্তে দেৱশিশুটি মৃত্যু মুখত পৰাতো নিশ্চিত আছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − 12 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.