leatest updateঅপৰাধদিল্লীভাৰত

এক জঘন্য কাণ্ড…দিল্লীৰ এগৰাকী যুৱতীক প্ৰেমিকে হত্যা কৰি মৃতদেহ ফ্ৰিজত ৰাখে

হত্যাৰ দিনাই প্ৰেমিকে অন্য এগৰাকী যুৱতীৰ সৈতে বিবাহপাশত আৱদ্ধ হয়

দিল্লীত শ্ৰদ্ধা ৱাকাৰ হত্যাকাণ্ডৰ দৰে পুনৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে। দিল্লীৰ এগৰাকী যুৱতীক তাইৰ লিভ-ইন সংগীয়ে হত্যা কৰে আৰু তাইৰ মৃতদেহ ফ্ৰিজত সংৰক্ষণ কৰিছিল। আৰক্ষী সূত্ৰই জনোৱা তথ্য অনুসৰি ২৩ বছৰীয়া নিকি যাদৱ নামৰ যুৱতীগৰাকীক ডাটা কেবলেৰে মেৰিয়াই শ্বাসৰুদ্ধ কৰি হত্যা কৰিছিল।

উল্লেখ্য যে, এজন স্থানীয় লোকে নিকি যাদৱ নামৰ যুৱতী গৰাকীৰ বিষয়ে নিৰুদ্দেশ হোৱাৰ অভিযোগ দাখিল কৰাৰ পিছত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল। এই তদন্তৰ পিছত আৰক্ষীয়ে হত্যাকাৰী প্ৰেমিক চাহিলক বিচাৰি উলিয়াইছিল। তাইৰ পৰিয়ালে ইমান সময় তাইৰ ক’ত আছে সেই বিষয়ে অজ্ঞাত আছিল।

যুৱতীগৰাকীৰ হত্যাকাৰী প্ৰেমিক চাহিল গেহলটক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। ইতিমধ্যে, চাহিল গেহলটে প্ৰেমিকা নিকি যাদৱক হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। আৰক্ষীয়ে লগতে কয় যে, চাহিলে আৰক্ষীক নিকিৰ মৃতদেহ য’ত ৰাখিছিল তালৈ লৈ গৈছিল। সূত্ৰ অনুসৰি, হত্যাৰ আগতে, জব্দ কৰা এখন গাড়ীৰ ভিতৰত দম্পতীহালৰ মাজত তীব্ৰ তৰ্ক হৈছিল। হত্যাৰ দিনা ধৃত চাহিলে আন এগৰাকী মহিলাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.