এটা বছৰৰ পূৰ্বে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক লগ দিছিল কঠিন সময়ে!
শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা(Jayanta Mallabaruah)ৰ এক ফেচবুক পোষ্ট হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ। ৰাজ্যৰ ৰাজনীতিত বহু গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰা মন্ত্ৰীগৰাকী এটা বছৰৰ পূৰ্বে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে বিশেষ পোষ্টটোত। য’ত তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ, অপবাদ, গ্লানিৰ কথা উল্লেখ কৰা হৈছে।

গুৱাহাটী, ১৪ জুনঃ সাধাৰণ দৃষ্টিৰে দেখা প্ৰায়সকল সফল ব্যক্তিৰো থাকে বহু কণ্টকময় সময়। সেয়া ৰাজনীতিকেই হওক, শিল্পীয়েই হওক অথবা আন কোনো। বিশেষকৈ ৰাজনীতিৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে বহুসময়ত ৰচনা কৰা হয় কূটিল ষড়যন্ত্ৰ। প্ৰায়সকল ৰাজনীতিকেই বলি হয় এনে ষড়যন্ত্ৰ, অপপ্ৰচাৰৰ।
শেহতীয়াকৈ অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা(Jayanta Mallabaruah)ৰ এক ফেচবুক পোষ্ট হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰ। ৰাজ্যৰ ৰাজনীতিত বহু গুৰুত্বপূৰ্ণ পদ অলংকৃত কৰা মন্ত্ৰীগৰাকী এটা বছৰৰ পূৰ্বে সন্মুখীন হোৱা জটিল পৰিস্থিতিৰ কথা বৰ্ণনা কৰিছে বিশেষ পোষ্টটোত। য’ত তেওঁৰ বিৰুদ্ধে অপপ্ৰচাৰ, অপবাদ, গ্লানিৰ কথা উল্লেখ কৰা হৈছে। অৱশ্যে কেনেধৰণৰ অপপ্ৰচাৰ অথবা কিধৰণৰ গ্লানি আছিল সেয়া মন্ত্ৰীজনে উল্লেখ কৰা নাই।
সামাজিক মাধ্যমত এখন বিশেষ ফটো সংলগ্ন কৰি মন্ত্ৰীগৰাকীয়ে লিখিছে Jayanta Mallabaruah facebook post)- “জীৱনলৈ হঠাতে নামি অহা কঠিন পৰিস্থিতিক সহনশীলতাৰে অতিক্ৰম কৰাৰ অনুশীলন বৰ সহজ কথা নহয়৷ আজিৰ পৰা ঠিক এবছৰৰ আগতে মোৰ জীৱনলৈয়ো এনে এক পৰিস্থিতি আহিছিল- য’ত চূড়ান্ত অপপ্ৰচাৰ, অপবাদৰ গ্লানিৰে মোক হতাশাৰ বিষণ্ম ঋতুলৈ নিৰ্বাসন দিয়াৰ অপচেষ্টা চলিছিল৷ এনেকুৱা এক ষড়যন্ত্ৰৰ বেহু ৰচনা কৰা হৈছিল- য’ত মই কোৱা চৰম সত্য কথাবোৰকো বিকৃত কৰা হৈছিল৷ সঁচা কথাবোৰ ৰাইজৰ ওচৰলৈ যাবলৈ দিয়া হোৱা নাছিল৷ মই যুক্তি-তথ্যসহকাৰে উত্থাপন কৰা সঁচা কথাবোৰতো উদ্দেশ্যপ্ৰণোদিতভাৱে মিছাৰ ৰহণ সানি ৰাইজৰ মাজত অপপ্ৰচাৰ চলোৱা হৈছিল৷ অসমৰ সমাজ জীৱনত এজন খলনায়ক হিচাপে মোক নিক্ষেপ কৰিব খোজা হৈছিল৷ নেতিবাচক ভুল ব্যাখ্যাৰে সামাজিক মাধ্যম ভৰি পৰিছিল৷ এই ষড়যন্ত্ৰৰ পৰা মোৰ পৰিয়ালটোৱেও ৰেহাই পোৱা নাছিল( Conspiracy against Jayanta Mallabaruah)৷
কিন্তু তেনে বিষময় পৰিস্থিতিতো মই সিদ্ধান্ত লৈছিলোঁ- সকলো ষড়যন্ত্ৰকাৰীক ক্ষমা কৰি দিয়াৰ৷ ষড়যন্ত্ৰকাৰীক ক্ষমা কৰি দিয়াৰ আনন্দই মোক অধিক উজ্জীৱিতহে কৰি তুলিছিল৷ সিদ্ধান্ত লৈছিলোঁ – কেৱল ৰাইজৰ মাজত থাকিম, অহৰ্নিশে কেৱল ৰাইজৰ হৈ কাম কৰিম৷ গণদেৱতাৰ সেই অহৰহ উমাল সান্নিধ্য আৰু আশীৰ্বাদে মোক ষড়যন্ত্ৰকাৰীৰ চক্ৰবেহুৰ বৃত্তৰ বাহিৰত কুশলে ৰাখিছিল৷ বিষ ঢলাসকল হয়তো উজাগৰে আছিল, মই শান্তিৰে টোপনি গৈছিলোঁ৷
শত্ৰুতা আচৰণকাৰীক ক্ষমা কৰি দিয়া, শত্ৰুৰ ভালৰ কাৰণে প্ৰাৰ্থনা কৰিব পৰাৰ পৰ্যায়লৈ যাব পাৰিলে অন্তৰত অনাবিল সুখানুভূতি জাগে৷ এই অনুশীলন জীৱনৰ সফলতাৰ বাবে কিমান জৰুৰী, মই মোৰ জীৱনত উপলব্ধি কৰিব পাৰিছোঁ৷
মোৰ শুভাকাংক্ষীসকল, আপোনালোকেও এনে অনুশীলনৰ চেষ্টা কৰি চাবচোন”
মন্ত্ৰী মল্লবৰুৱাৰ এই বিশেষ ফেচবুক পোষ্টক লৈ সামাজিক মাধ্যমৰ লগতে ৰাজনৈতিকভাৱে সক্ৰিয় প্ৰতিগৰাকীয়ে লোকেই আৰম্ভ কৰিছে চৰ্চা।