অসমৰাজনৈতিক

ৰাজেন গোঁহায়ে বুজি পালে অসমত ৰাষ্ট্ৰীয় দলতকৈ আঞ্চলিকতাবাদী দলৰ প্ৰাসংগিকতা বেছি

ৰাজেন গোঁহায়ে দলে-বলে যোগ দিব অসম জাতীয় পৰিষদত

৩৪ বছৰৰ পিছত একালৰ ৰাজ্যিক বিজেপিৰ সভাপতি ৰাজেন গোঁহায়ে বুজি পালে অসমত ৰাষ্ট্ৰীয় দলতকৈ আঞ্চলিকতাবাদী দলৰ প্ৰাসংগিকতা বেছি । সেয়ে সদ্য বিজেপি ত্যাগী ৰাজেন গোঁহায়ে যোগ দিব আঞ্চলিক দলত ৷ একালৰ বিজেপিৰ প্ৰভাৱশালী মন্ত্ৰী, ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি, সদ্য বিজেপি ত্যাগী ৰাজেন গোঁহায়ে পদুম এৰি আহি এতিয়া উঠিব জাহাজত ৷ ৰাজেন গোঁহায়ে দলে-বলে যোগ দিব অসম জাতীয় পৰিষদত ৷

বুধবাৰে সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই গুৱাহাটীত অসম জাতীয় পৰিষদত আনুষ্ঠানিকভাৱে যোগ দিব একালৰ বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোঁহায়ে ৷ মঙলবাৰে এই কথা নিশ্চিত কৰিছে অসম জাতীয় পৰিষদৰ নেতৃত্বই ।

৫ নৱেম্বৰৰ দিনা গুৱাহাটীত লুৰীণজ্যোতি গগৈৰ উপস্থিতিত ৰাজেন গোঁহায়ে অসম জাতীয় পৰিষদত যোগদান কৰিব ৷ ৰাজেন গোঁহাইৰ লগতে আন কেইবাগৰাকীও প্ৰাক্তন আছু নেতাই অসম জাতীয় পৰিষদত বুধবাৰে যোগ দিয়াৰ কথা ।

উল্লেখযোগ্য যে আগন্তুক ২০২৬ ৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰৰ পৰা ৰাজেন গোঁহায়ে অজাপৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলি তেওঁৰ যোগদান দলটোত নিশ্চিত হোৱাৰ পিছত চৰ্চিত হৈছে । সমষ্টিটো বৰ্তমান বিজেপিৰ বিধায়ক জিতু গোস্বামীৰ দখলত আছে ।

অসম বিজেপিৰ বৰ্তমানৰ নেতৃত্বৰ সৈতে কেইবাবছৰীয়া সংঘাতৰ পিছত যোৱা ৯ অক্টোবৰত আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰিছিল ৰাজেন গোঁহায়ে । শেহতীয়াকৈ ৰাজেন গোঁহায়ে বিজেপি ত্যাগ কৰিয়েই মন্তব্য কৰিছিল, ‘‘মানৱ সেৱা বা সমাজসেৱা কেৱল এইটো দলত থাকিয়েই যে কৰিব পাৰি সেইটো নহয় । সদভাৱ থাকিলে যিকোনো আদৰ্শৰ মাজৰ পৰাই এইবোৰ কাম কৰিব পাৰি ।’’

সেই কথাৰ দৰেই যেন এতিয়া পুনৰ ৰাজনীতিৰ দ্বিতীয় ইনিংছ আৰম্ভ কৰিব খুজিছে ৭৪ বছৰীয়া ৰাজেন গোঁহায়ে । ১৯৯১ চনত ৰাজনীতিৰ পথাৰত ভৰি দিয়েই ৰাজেন গোঁহায়ে জীৱনৰ ৩৪ টা বছৰ ৰাষ্ট্ৰীয় ৰাজনীতিতে পাৰ কৰিলে, য’ত তেওঁ ৪ বাৰকৈ নগাঁৱৰ দৰে সমষ্টিৰ পৰা বিজেপিৰ সাংসদৰূপে জয় লাভ কৰি কাৰ্যনিৰ্বাহ কৰিছিল । লগতে কেন্দ্ৰীয় ৰাজ্যিক ৰে’লমন্ত্ৰীৰূপেও কাৰ্যনিৰ্বাহ কৰিছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মা বিজেপিলৈ অহাৰ পিছতেই দলটোত ৰাজেন গোহাঁইৰ যেন ছন্দপতন ঘটিল । লাহে লাহে বিজেপিত ৰাজেন গোহাঁইৰ অৱস্থা কেৱল এজন সাধাৰণ সদস্যস্বৰূপ হৈ পৰিল । অৱশেষত অক্টোবৰৰ প্ৰথম সপ্তাহত তেওঁ বিজেপিৰ পৰা পদত্যাগ কৰে ৷

উল্লেখযোগ্য যে, ১৯৯১ চনত বিজেপিত যোগদান কৰি ১৯৯৯, ২০০৪, ২০০৯ আৰু ২০১৪ চনত মুঠ চাৰিবাৰকৈ নগাঁও লোকসভা সমষ্টিৰ পৰা তেওঁ সাংসদৰূপে জয়লাভ কৰিছিল । ১৯৯৯ চনৰ পৰা ২০১৯ লৈ এই কালছোৱাত নগাঁও লোকসভা সমষ্টিৰ পৰা সাংসদৰূপে কাৰ্যনিৰ্বাহ কৰা গোঁহায়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰথমটো কাৰ্যকালত ২০১৬ ৰ ৫ জুলাইৰ পৰা ৰে’ল বিভাগৰ ৰাজ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

ৰাজেন গোহাঁয়ে ২০১৯ ত লোকসভা নিৰ্বাচনত দলীয় প্ৰাৰ্থিত্ব নোপোৱাৰ পিছৰেই পৰা দলত বিদ্ৰোহ ঘোষণা কৰি আহিছিল ৷ আনহতে, ২০২৪ ৰ লোকসভা নিৰ্বাচনতো প্ৰাৰ্থিত্ব নোপোৱাৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ৰাজহুৱা ক্ষোভ প্ৰকাশ কৰি নিস্ক্ৰিয় হৈ পৰিছিল বিজেপিত । লগতে, চৰ্চা চলিছিল যে ৰাজেন গোহাঁয়ে লুৰীণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদত যোগদান কৰাৰ প্ৰস্তুতি চলাইছিল ৷ এতিয়া সেই চৰ্চাকেই সঁচা প্ৰতিপন্ন কৰি ৰাজেন গোহাঁয়ে বুধবাৰে যোগ দিব অসম জাতীয় পৰিষদত ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 2 =

Back to top button