অসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰশিল্পীসংগীতসংস্কৃতি

জুবিন গাৰ্গৰ মৃ/ত্যুৰ তদন্তৰ বাবে ২০ অক্টোবৰত ছিংগাপুৰলৈ গৈছিল এছ আই টিৰ মুৰব্বী

ছিংগাপুৰত গৈ তদন্তৰ ক্ষেত্রত প্ৰয়োজনীয় বিভিন্ন দিশত বিভিন্ন পক্ষৰ লগত আলোচনা কৰি বৃহস্পতিবাৰে উভতি আহে

জুবিন গাৰ্গৰ মৃত্যুৰ এমাহৰ পিছত তদন্তৰ বাবে ছিংগাপুৰলৈ যোৱা অসম আৰক্ষীৰ এছ আই টিৰ দুজনীয়া দলটো বৃহস্পতিবাৰে উভতি আহে । ছিংগাপুৰৰ পৰা অহাৰ পিছত শুকুৰবাৰে গুৱাহাটীৰ চি আই ডিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে এছ আই টিৰ মুৰব্বী তথা অতিৰিক্ত আৰক্ষী সঞ্চালক প্রধান মুন্না প্রসাদ গুপ্তাই ।

ছিংগাপুৰলৈ যোৱা সন্দৰ্ভত তেওঁ কয়, “আমাৰ তদন্তৰ বাবে লাগতিয়াল বহু তথ্য লাভ কৰিছোঁ । ২০ অক্টোবৰত আমি এছ আই টিৰ দলে প্ৰথমতে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত মিলিত হৈছিলোঁ । সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা বিচৰা আইনী সহযোগিতাৰ বিষয়ে আলোচনা কৰোঁ । তাৰ পিছত ২১ অক্টোবৰত আমি ছিংগাপুৰ আৰক্ষীৰ উচ্চপৰ্যায়ৰ পাঁচজনীয়া এটা দলৰ লগত বৈঠকত মিলিত হওঁ ।” বৈঠক সন্দৰ্ভত তেওঁ কয়, “সেই বৈঠকখন যথেষ্ট সফল বৈঠক হৈছিল । সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ । ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে । যিটো আমাৰ তদন্তৰ বাবে দৰকাৰী ।”

ছিংগাপুৰ আৰক্ষীৰ সৈতে আলোচনা সন্দৰ্ভত এছ আই টিৰ মুৰব্বীগৰাকীয়ে কয়, “আমি তেওঁলোকক ক’লোঁ যে আমিও তদন্তটো এটা সময়সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব । সেই কাৰণে তেওঁলোকৰ আইনী সহযোগিতা আমাক সময়সীমাৰ ভিতৰত লাগে । এইক্ষেত্রত তেওঁলোকে ইতিবাচক সঁহাৰি জনাই সন্মতি দিছে । তেওঁলোকে ছিংগাপুৰৰ নিজা আইনী ছিষ্টেমৰ ভিতৰত থাকি যিখিনি সহযোগিতা আমাক দিব লাগে সেইখিনি অতি সোনকালে দিব বুলি কৈছে ।”

তেওঁ লগতে কয়, “গোচৰটোৰ লগত জড়িত ছিংগাপুৰৰ ঘটনাস্থলীসমূহ আমি পৰিদৰ্শন কৰিলোঁ । ছিংগাপুৰত আইনী প্ৰক্ৰিয়াৰ মাজত থাকি আমি যিখিনি তদন্ত কৰিব পাৰোঁ সেইখিনি আমি কৰিলোঁ । আমি গোচৰটোৰ তথা তদন্তৰ সহায়ক হোৱাকৈ বহুখিনি তথ্য লাভ কৰিছোঁ । আমাৰ এই ভ্ৰমণ যথেষ্ট সফল হৈছে ।”

ছিংগাপুৰত চলোৱা তদন্ত সন্দৰ্ভত তেওঁ কয়, “হোটেলৰ চিচি টিভিৰ ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক কৈছোঁ । সেইটো আমি তেওঁলোকৰ দ্বাৰাহে পাম । ছিংগাপুৰ আৰক্ষীয়ে সেইখিনি আমাক দহ দিনমানৰ ভিতৰত দিয়াৰ আশ্বাস দিছে ।”

য়টত থকা ছিংগাপুৰৰ প্ৰৱাসী অসমীয়া ৱাজিদ আহমেদৰ সাক্ষ্য লোৱাৰ প্ৰসংগত তেওঁ কয়, “অকল তেৱেঁই নহয়, ছিংগাপুৰৰ আৰু কেইবাগৰাকী নাগৰিকৰ ষ্টেটমেণ্ট আমাক লাগে । সেইখিনি আমি ইতিমধ্যে পঠিয়াইছিলোঁ আৰু ছিংগাপুৰ আৰক্ষীৰ লগত হোৱা আমাৰ বৈঠকত আমি জোৰ দি কৈছোঁ । ছিংগাপুৰৰ নাগৰিকৰ ষ্টেটমেণ্ট ছিংগাপুৰ আৰক্ষীৰ দ্বাৰাহে লোৱা হ’ব । তেওঁলোকে আমাক কৈছে যে দহ দিনৰ ভিতৰত সেইখিনি সম্পূৰ্ণ কৰি আমাক দিব । তদন্ত চলি আছে আৰু তদন্তত কি পোৱা গৈছে সেই বিষয়ে এই মুহূৰ্তত মন্তব্য কৰাটো উচিত নহ’ব ।”

ছিংগাপুৰ আৰক্ষীৰ সহযোগিতা সন্দৰ্ভত কয়, “ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰেছ বিবৃতিযোগে ৯০ দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ কৰ’নাৰ্ছ কাৰ্যালয়ক দিব বুলি জনাইছে । তাৰ পৰৱৰ্তী ব্যৱস্থা কৰ’নাৰ্ছে গ্ৰহণ কৰিব । আমি আমাৰ তদন্তৰ প্ৰতিবেদন বি এন এছ এছৰ নিৰ্ধাৰিত সময়সীমাৰ ভিতৰত ন্যায়ালয়ত দাখিল কৰিম ।”

এছ আই টিৰ সাক্ষ্য গ্ৰহণৰ প্ৰসংগত তেওঁ কয়, “আমাৰ ষ্টেটমেণ্ট আজিও চলি আছে । আজি গৰিমা শইকীয়া গাৰ্গৰ ষ্টেটমেণ্ট লোৱা হৈছে । তেওঁলোকৰ ষ্টেটমেণ্টৰ দৰকাৰ আছে । এতিয়ালৈকে ৭০ জনৰো অধিক লোকৰ ষ্টেটমেণ্ট লোৱা হৈছে । য়টৰ নাবিক বা চালকৰ ষ্টেটমেণ্ট ছিংগাপুৰ আৰক্ষীয়ে লৈ আমাক দহ দিনৰ ভিতৰত দিব । তদন্ত চলি আছে আৰু প্ৰয়োজন হ’লে পুনৰ ছিংগাপুৰৰ অহাসকলক মতা হ’ব ।”

জুবিন গাৰ্গৰ পি এছ অ’ দুজনৰ প্ৰসংগত তেওঁ কয়, “তেওঁলোক দুজনৰ একাউ চি এম ভিজিলেন্সৰ পৃথক গোচৰণ্টত যথেষ্ট পৰিমাণৰ ধন পোৱা গৈছে । সেই ধন তেওঁলোকৰ আয়তকৈ যথেষ্ট বেছি । গতিকে সেইটো প্ৰিভেন্সন অব ক’ৰাপচন এক্টত এটা অপৰাধ । যাৰ বাবে মুখ্যমন্ত্রীৰ অপৰাধ অনুসন্ধান শাখাত দুয়োজনৰ বিৰুদ্ধে এটা পৃথক গোচৰ ৰুজু হৈছে । সেই গোচৰৰ তদন্ত চি এম ভিজিলেন্স চেলে চলাই আছে । বাক্সাৰ ঘটনাত এছ আই টিয়ে নহয়, বাক্সা আৰক্ষীয়ে তদন্ত কৰিব ।”

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 + three =

Back to top button