
জুবিন গাৰ্গৰ অস্বাভাৱিক মৃ/ত্যুৰ ন্যায় আৰু অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মাক ফাঁ/চিৰ দাবীত সমগ্ৰ ৰাজ্যতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা ৰাজহুৱাভাৱে ফাঁ/চিকাঠত ওলমোৱা হয় । লখিমপুৰ নগৰৰ মাজমজিয়াত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰে নাম সাঙোৰ খোৱা শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ৰাজহুৱাভাৱে ফাঁচিকাঠত ওলমোৱা হয় । নগৰখনৰ গাৰ্লচ ৰোড চাৰিআলিত দুয়োজন অভিযুক্তৰ পুত্তলিকা ৰাইজৰ সন্মুখত ফাঁচিকাঠত ওলমাই ৰখা হয় । অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ কেন্দ্রীয় সমিতিৰ নিৰ্দেশ ক্ৰমে বৃহস্পতিবাৰে লখিমপুৰ জিলা সদৰত দুয়ো অভিযুক্তক প্ৰতীকী ফাঁচি দিয়ে । কাৰ্যসূচীত শ্যামকানু, সিদ্ধাৰ্থক ফাঁচি দিয়ক, উই ৱান্ট জাষ্টিচ, অসম চৰকাৰ হায় হায় আদি শ্ল’গান দি পৰিষদৰ কৰ্মীসকলে উত্তাল পৰিৱেশ সৃষ্টি কৰে ।
সংগঠনটোৰ এগৰাকী নেতাই কয়, “কালি খুব বেছি ৫০ হাজাৰহে লোক সমদলত আহিছিল । সেয়াও ভিন্ন প্ৰলোভনৰ মাজেৰে অনা হৈছিল । কিন্তু অসমৰ তিনি কোটি ৫০ লাখ মানুহ জুবিন অনুৰাগী । জুবিন গাৰ্গৰ আমিবোৰ ভূৱা অনুৰাগী নেকি ? জয়ন্ত মল্লবৰুৱাই অনুৰাগীৰ চাৰ্টিফিকেট দিবলৈ কোন ?” লগতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ এনে নিকৃষ্ট ৰাজনীতি নকৰিবলৈ সকীয়নি প্ৰদান কৰে সংগঠনটোৰ জিলা সমিতিয়ে । বৃহস্পতিবাৰে নগাঁও চহৰৰ মাজমজিয়াৰ নতুন বজাৰৰ ৰাজপথত জুবিন গাৰ্গৰ মৃত্যুৰ দুই মূল অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা ফাঁচিকাঠত ওলোমাই জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই প্ৰকাশ কৰে প্ৰতিক্ৰিয়া ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিষদৰ জিলা সম্পাদক অৰুণ গগৈয়ে কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ বাবে দায়ী শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা বুলি সৰ্বত্ৰে প্ৰচাৰ চলিছে । শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ এই দুয়োজন । আমি চৰকাৰক দাবী জনাইছোঁ । আমি তেওঁলোকক প্ৰতীকী ৰূপত ফাঁ/চি দিছোঁ । চৰকাৰে বাস্তৱত তেওঁলোকক ফাঁচি দিয়ক । জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ পাৰ হল । ৰাইজে এতিয়াও ন্যায় পোৱা নাই । যাৰ বাবে ৰাইজ ৰাজপথলৈ ওলাই আহিবলগীয়া হৈছে ।” অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ আহ্বানমৰ্মে ফাঁচিকাঠত দুই অভিযুক্তৰ প্ৰতীকী ওলোমাই নলবাৰী চহৰৰ ৰাজপথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৰ নেতা-কৰ্মীয়ে । সংগঠনটোৰ নলবাৰী জিলা সমিতিৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰা প্ৰতিবাদকাৰী দলটোৱে বাটা চ’কত উপস্থিত হৈ দুয়ো অভিযুক্তক প্ৰতীকী হিচাপে ফাঁচিকাঠত ওলোমাই সাব্যস্ত কৰে প্ৰতিবাদ । আনহাতে বুধবাৰৰ দিনটোত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কৰা মন্তব্যক লৈ জাঙুৰ খাই উঠে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতি । বিজেপিৰ সমদলত অংশগ্ৰহণ কৰা লোকসকলহে প্ৰকৃত জুবিন অনুৰাগী বুলি মন্তব্য কৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক উভতি ধৰিলে সংগঠনটোৱে ।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতি উপ-সভাপতি শিৱ কলিতাই কয়, “আমাৰ মৰমৰ, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক আচলতে হত্যা কৰা হৈছিল । এই ঘটনাৰ লগত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জড়িত আছিল । ৰাইজৰ আদালতত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে এই দুয়োটা অপৰাধীক প্ৰতীকীৰূপত ফাঁচি দি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে ।” অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিয়ে লাহোৱালত জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ লগত জড়িত দুই অভিযুক্তৰ পুত্তলিকা ওলোমালে ৰাজহুৱা ফাঁচিকাঠত । লাহোৱালৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত জুবিন গাৰ্গৰ হত্যাৰ অভিযোগত জেল হাজোতত থকা দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ পুত্তলিকা ৰাজহুৱা ফাঁচিকাঠত ওলমোৱা হয় । পৰিষদৰ নেতা-কৰ্মীসকলে শ্যামকানু মহন্ত মুৰ্দাবাদ, সিদ্ধাৰ্থ শৰ্মা মুৰ্দাবাদ আদি বিভিন্ন শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে ।

