অপৰাধঅসমঅসম আৰক্ষীছিংগাপুৰদিল্লীদুৰ্ঘটনাভাৰতশিল্পীসংগীতসংস্কৃতি

জুবিনৰ অনুৰাগীয়ে প্ৰকৃত ঘটনাৰ তদন্তৰ বাবে দাখিল কৰিছে এজাহাৰ

ঘটনাৰ ৰহস্য়ৰ সম্পূৰ্ণ তথ্য় পোহৰলৈ অনাৰ দাবী অনুৰাগীৰ

জুবিনৰ আকস্মিক মৃ/ত্যু কাৰো কাম্য নাছিল। কোনো জুবিন অনুৰাগীৰ কাম্য নাছিল জুবিনক হেৰুৱাই শোকত ম্ৰিয়মান হৈ উঠাৰ। একাংশ অনুৰাগীৰ মতে, ‘জুবিনে অলপ জিৰণি লৈছে। আকৌ সাৰ পাব তেওঁ।’ কিন্তু জুবিনে জানো জিৰণি লয় !! জুবিনে বুজি নাপায় ভাগৰ কি, জিৰণি কি !!

সপোন সপোন লাগিলেও জুবিন আৰু নাই অনুৰাগীৰ মাজত। জুবিন নোহোৱাৰ খবৰে একাংশ অনুৰাগীক কৰি তুলিছে ক্ষোভিত। প্ৰশ্ন উত্থাপন কৰিছে – কিয় অসুখী মানুহজনক লৈ যোৱা হৈছিল বিদেশলৈ ? মানুহজনৰ অনিচ্ছা স্বত্বেও কিয় যাব লগা হৈছিল ছিংগাপুৰলৈ‌ ? জুবিনৰ লগত কিয় দিয়া হোৱা নাছিল চিকিৎসকৰ দল ?

এইবোৰ প্ৰশ্নই একাংশ অনুৰাগীক ভাবিবলৈ বাধ্য কৰাইছে যে ঘটনাত থাকিব পাৰে ৰহস্য়।

বিভিন্ন দল সংগঠনকে আদি কৰি অনুৰাগীয়ে আৰক্ষীক দাখিল কৰিছে এজাহাৰ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ মুখ্য আয়োজক শ্যামকানু মহন্ত আৰু জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে গোচৰ দিছে আৰক্ষীক।

অনুৰাগীৰ এজাহাৰৰ ওপৰত ভিত্তি কৰি CID ক ঘটনাৰ তদন্তৰ দ্বায়িত্ব অৰ্পণ কৰাৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিন গাৰ্গৰ ন/শ্ব/ৰ দে/হ অসমলৈ অনাৰ পিছতেই আৰম্ভ হʼব তদন্ত প্ৰক্ৰিয়া।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × 3 =

Back to top button