অসমঅসম আৰক্ষীগুৱাহাটীছিংগাপুৰভাৰতশিল্পীসংগীতসংস্কৃতি

গুৱাহাটী পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ

ৰাজপথত অনুৰাগীৰ বিৰ দি বাট নোপোৱা অৱস্থা

সাত সাগৰ তেৰ নদীৰ সিপাৰৰ পৰা আকাশমাৰ্গেৰে নিজ জন্মভূমি পালেহি জুবিন গাৰ্গৰ নশ্বৰ দেহ। কাঁইটেৰে খুজ দিয়া মানুহজন আহিছে ফুলৰ মাজেৰে। অনুৰাগীয়ে লিখিছে যে জুবিন অসমলৈ আহি যেন কৈছে, “ঐ তঁহতি ইমানগাল ফুল কিয় আনিছ’? ফুল নোহোৱা হৈ যাব অসমত। তহঁতে জানই দেখোন, I love nature, মই একদম জংঘলী মানুহ। হাবিত থাকি ভাল পাওঁ। ফুল চিঙিলে ভাল নালাগেতো। ফুল ফুলি থাকিব দে নিজৰ জেগাত, ৰʼদৰ ফুল।”

লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা দেওবাৰে পুৱা ৬.৩৮ মিনিটত পত্নী গৰিমা গাৰ্গে চমজি লয় প্ৰাণৰ মানুহজনৰ নশ্বৰ দেহ। ‘জুবিন কফিনৰ ভিতৰত আহিব’- এই কথা গৰিমাৰ লগতে অসমবাসীৰ সপোনৰ অগোচৰ আছিল।

মহানগৰীত উজান উঠিছে, জুবিন অনুৰাগীৰ উজান। এই উজান কোনোদিনে কোনোকালে উঠা নাছিল, ভৱিষ্যতেও নুঠে। ৰাজপথত অনুৰাগীৰ বিৰ দি বাট নোপোৱা অৱস্থা। পুষ্প সজ্জিত এখন বিশেষ বাহনত এটা কফিনৰ ভিতৰত লৈ অনা হৈছে জুবিন গাৰ্গৰ পবিত্ৰ নশ্বৰ দেহ। প্ৰিয় শিল্পী গৰাকীক এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে টৰা নৰা চিঙি অনুৰাগী আহিছে। শিশুৰ পৰা বৃদ্ধ-বনিতালৈকে সকলোৰে চকুত চকুলো। মুখেৰে মাথোঁ চিঞৰিছে “জয় জুবিন।”

ৰাজপথেৰে পোনে পোনে কাহিলীপাৰাৰ বাসগৃহলৈ অনা হৈছে জুবিনক। এঘন্টা সময় কেৱল জুবিনৰ পৰিয়ালে অকলশৰে কটাব জুবিনৰ সৈতে। তাৰ পৰৱৰ্তী সময়ত অৰ্জুন ভূগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পলৈ লৈ যোৱা হʼব নশ্বৰ দেহ। তাতে অনুৰাগীয়ে শেষ বাৰৰ বাবে চাব পাৰিব শিল্পী গৰাকীক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.