leatest updateঅসম

আজি ধুবুৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস

অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আজি ধুবুৰীত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ স্মৃতি দিৱস। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বৰ্ণাঢ্য কাৰ্যসূচীৰ মাজেৰে আয়োজিত বিষ্ণু ৰাভা স্মৃতি দিৱসত কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক অসম চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হয় বঁটা।

অজিত শীলক বিষ্ণু ৰাভা বঁটা, গোপালকৃষ্ণ গোস্বামীক বিষ্ণু ৰাভা বঁটা, নকুল দাসক শোণিতকোঁৱৰ গজেন বৰুৱা বঁটা, ডঃ জয়ন্তী চুতীয়াক সতী সাধনী বঁটা আৰু বলোৰাম ফাংছ’ক প্ৰদান কৰা হয় স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা। আনহাতে ডঃ অৰূপ কুমাৰ দত্তক শ্ৰীশ্ৰীমাধৱদেৱ বঁটা, মৰণোত্তৰভাৱে শ্বহীদ ভাস্কৰ কলিতাক বীৰ চিলাৰায় বঁটা আৰু ডঃ টিয়াতশী জমিৰক কালীচৰণ ব্ৰহ্ম বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত বিভাগীয় মন্ত্ৰী বিমল বৰাৰ লগতে মন্ত্ৰী জয়ন্ত মল্লবৰুৱায়ো অংশগ্ৰহণ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.