অসম

অসমৰ সাংস্কৃতিক জগতত শোকৰ ছাঁ, বিশিষ্ট অভিনেতা পংকজ পূজাৰী আৰু নাই

কিডনি জনিত সমস্যাত ভুগি থকা অভিনেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

অসমীয়া চিনেমা জগতৰ এখন চিনাকী মুখ। সাৱলীল অভিনয়ৰে দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা অভিনেতা পংকজ পূজাৰী আৰু নাই।

মঙলবাৰে, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত শেষ নিশ্বাস ত্যাগ কৰিলে অসমীয়া অভিনেতা গৰাকীয়ে। কিডনি জনিত সমস্যাত ভুগি থকা অভিনেতাগৰাকীয়ে দীৰ্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

ভ্ৰাম্যমাণ থিয়েটাৰ, ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হোৱা বিশিষ্ট অভিনেতা গৰাকীৰ অকাল মৃত্যুত শোকৰ ছাঁ পৰিছে অসমৰ সাংস্কৃতিক জগতখনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

7 − 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.