আজি পৃথিৱীৰ নিচেই কাষেৰেই পাৰ হৈ যাব বুৰ্জ খলিফাতকৈও ডাঙৰ গ্ৰহাণুপিণ্ড
এই গ্ৰহাণুপিণ্ডটো পৃথিৱীৰ ওপৰেৰে ১.২ নিযুত মাইল বা ১.৯ নিযুত কিলোমিটাৰ দূৰত্বত উৰিব, যি হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচগুণ
পৃথিৱীৰ নিচেই কাষেৰেই পাৰ হৈ যাব এটা বৃহৎ আকৃতিৰ শিলাখণ্ড। নাছাই ব্যক্ত কৰিছে এই কথা। নাছাৰ তথ্য অনুসৰি মঙলবাৰে বতাহৰ মাজেৰেই পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব প্ৰকাণ্ড গ্ৰহাণুপিণ্ড।
7482(1994 PC1) নামৰ এই গ্ৰহাণুপিণ্ডটো ১ কিলোমিটাৰতকৈ অধিক ডাঙৰ। পৃথিৱীৰ যিকোনো অট্টালিকাতকৈ ডাঙৰ এই গ্ৰহাণুপিণ্ডটো হৈছে প্ৰায় ৩,৪৫০ ফুট বহল। এই গ্ৰহাণুপিণ্ডটো পৃথিৱীৰ ওপৰেৰে ১.২ নিযুত মাইল বা ১.৯ নিযুত কিলোমিটাৰ দূৰত্বৰে যাব, যি হৈছে পৃথিৱী আৰু চন্দ্ৰৰ মাজৰ দূৰত্বৰ প্ৰায় পাঁচগুণ বেছি।
Near-Earth #asteroid 1994 PC1 (~1 km wide) is very well known and has been studied for decades by our #PlanetaryDefense experts. Rest assured, 1994 PC1 will safely fly past our planet 1.2 million miles away next Tues., Jan. 18.
Track it yourself here: https://t.co/JMAPWiirZh pic.twitter.com/35pgUb1anq
— NASA Asteroid Watch (@AsteroidWatch) January 12, 2022
অৱশ্যে এই গ্ৰহাণুপিণ্ডই পৃথিৱীত কোনোধৰণৰ ক্ষতি সাধন নকৰে বুলি উল্লেখ কৰিছে নাছাই।