অসম

ভোগালীত উকা হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰি, নাই বুলবুলি চৰাইৰ যুঁজৰ আনন্দ

ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান হাজোৰ ৰাইজৰ। বিগত ৭ বছৰ ধৰি বন্ধ হৈ আছে বুলবুলি চৰাইৰ যুঁজ।

ক’ভিডসৃষ্ট পৰিৱেশৰ মাজতে ৰাজ্যবাসীয়ে উদযাপন কৰিছে হেঁপাহৰ ভোগালী বিহু। ভোগালীক লৈ চৌপাশে পাৰভঙা উছাহ। কিন্তু বিগত বৰ্ষৰ দৰে এইবাৰো নহ’ল পৰম্পৰাগত বুলবুলি চৰাইৰ যুঁজ।

বিহুৰ দিনা উকা হৈ ৰ’ল হাজোৰ ঐতিহাসিক শ্ৰী শ্ৰী হয়গ্ৰীৱ মাধৱ মন্দিৰৰ বাকৰি। এইবাৰো আয়োজন কৰা নহ’ল বুলবুলি চৰাইৰ যুঁজ।

ন্যায়ালয়ৰ ৰায়ৰ প্ৰতি সন্মান হাজোৰ ৰাইজৰ। বিগত ৭ বছৰ ধৰি বন্ধ হৈ আছে বুলবুলি চৰাইৰ যুঁজ। আহোম ৰজা প্ৰমত্ত সিংহৰ দিনৰ পৰা চলি আহিছিল এই বুলবুলি চৰাইৰ যুঁজ। কিন্তু পুনৰ এই ঐতিহাসিক খেলখন অনুষ্ঠিত কৰিবলৈ ন্যায়ালয়লৈ অনুৰোধ জনাইছে হাজোৰ স্থানীয় ৰাইজে।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.