Covid-19Socialভাৰতস্বাস্থ্য

Covid-19:ভাৰতত দৈনিক বৃদ্ধি ৬ লাখ ক’ভিড ৰোগীৰ সংখ্যা…

ভাৰতৰ জনতাক ক'ভিডৰ পৰা মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ প্ৰায় সকলো অঞ্চল আৱৰি আৰম্ভ কৰিছে ক'ভিড-১৯ৰ ভেকচিন প্ৰদান অভিযান

ভাৰতত দৈনিক বৃদ্ধি পাব ৬ লাখ ক’ভিড ৰোগীৰ সংখ্যা। বৰ্তমান ভাৰতবৰ্ষত কিছু নিয়ন্ত্ৰণত আছে মহামাৰী ক’ৰনা। ভাৰতৰ জনতাক ক’ভিডৰ পৰা মুক্ত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে দেশৰ প্ৰায় সকলো অঞ্চল আৱৰি আৰম্ভ কৰিছে ক’ভিড-১৯ৰ ভেকচিন প্ৰদান অভিযান।

বৰ্তমান ভাৰতত ভেকচিন প্ৰদানৰ হাৰ হ’ল ৩.২%। গৃহ মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, যদি ভেকচিন প্ৰদানৰ হাৰ অনাগত দিনত বৃদ্ধি নহয়, তেন্তে ভাৰতত দৈনিক ৬ লাখকৈ বৃদ্ধি পাব ক’ভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা।

ক’ভিডৰ তৃতীয় ঢৌক ৰোধিবলৈ হ’লে ভাৰতৰ প্ৰত্যেকজন নাগৰিকে ভেকচিন গ্ৰহণ কৰিবই লাগিব। যিহেতু দেশৰ মাত্ৰ ৭.৬%লোকেহে এতিয়া পৰ্যন্ত ভেকচিন গ্ৰহণ কৰিছে, সেয়েহে ভাৰতত পৰৱৰ্তী সময়ত ক’ভিডে কি ৰূপ ধাৰণ কৰিব সেয়া লক্ষণীয় হ’ব।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 3 =

Back to top button