অসমআঞ্চলিকদৈনিক বাতৰি

এদিনৰ বাবে আয়ুক্ত হ’ল দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়

এদিনৰ বাবে আয়ুক্ত হ’ল দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়

এদিনৰ বাবে আয়ুক্ত হ’ল দশম শ্ৰেণীৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়। এদিনৰ বাবে শিৱসাগৰ জিলাৰ আয়ুক্তৰ আসনত বহিল বকতা বৰবাম হাইস্কুলৰ ছাত্ৰ ভাগ্যদীপ ৰাজগড়। দেউৰীটিং চাহ বাগিচাৰ শ্ৰমিক পুনা ৰাজগড় আৰু মীনা ৰাজগড়ৰ পুত্ৰ ভাগ্যদীপ ৰাজগড় । ৰাজ্য চৰকাৰৰ আৰোহণ আঁচনিৰ জৰিয়তে এদিনৰ জিলা  উপায়ুক্ত হ’ল ভাগ্যদীপ। ১৫০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভিতৰত নিৰ্বাচিত হৈছিল ভাগ্যদীপ।

শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম য়াদৱে পুৱা ঘৰৰ পৰা ভাগ্যদীপক লৈ আনে উপায়ুক্ত কাৰ্যালয়লৈ। তাৰপাছতে জিলা উপায়ুক্ত কাৰ্যালয়ত প্ৰতিটো বিভাগৰ জিলা মুৰব্বীৰে এদিনৰ উপায়ুক্ত ভাগ্যদীপ ৰাজগড় মিলিত হয় আলোচনাত। আলোচনাকালত জিলাখনৰ সমস্যাসমূহৰ বিষয়ে অধ্যয়ন কৰে উপায়ুক্তগৰাকীয়ে। এদিনৰ বাবে জিলা উপায়ুক্তৰ দায়িত্ব পালন কৰিবলৈ পাই অত্যন্ত সুখী ভৱিষ্যতে এগৰাকী সুদক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন দেখে ভাগ্যদীপ ৰাজগড়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.