Covid-19ভাৰত

৯৯ শতাংশ কৰ’ণা প্ৰতিৰোধ কৰিবলে সক্ষম নেছেল স্প্ৰে!

কৰ’ণাৰ সংহাৰী ৰূপত শংকিত হৈ পৰিছে সমগ্ৰ বিশ্ব৷ এই মহাব্যাধি ৰোগৰ সংক্ৰমণৰ পৰা পৰিত্ৰাণ পাবলৈ ইতিমধ্যে ক’ভিড টীকাকৰণ আৰম্ভ হৈছে৷

আমেৰিকা, ইজৰাইল, ইংলেণ্ড, ৰাছিয়া আৰু ভাৰতসহ কেইবাখনো দেশে ইতিমধ্যে উদ্ভাৱন কৰিছে ক’ভিড ভেকচিন৷ ভেকচিন প্ৰদান চলি আছে যদিও সেইয়া পযাপ্ত হোৱা নাই৷ কেইবাখনো দেশত নাটনি হৈছে ভেকচিনৰ৷ এনেবোৰ উৎকণ্ঠা চলি থকাৰ মাজতে কানাডাৰ এটা প্ৰতিষ্ঠিত ঔষধ কোম্পানীয়ে প্ৰস্তুত কৰিছে ‘নেছেল স্প্ৰে’৷ ছেনোটাইজ কোম্পানীয়ে উদ্ভাৱন কৰা স্প্ৰে ব্যৱহাৰে ৯৯শতাংশ ৰোধ কৰিব ক’ভিডৰ৷ এই দাবী কোম্পানীটোৰ৷

নেছেল স্প্ৰে’ ৰ প্ৰামাণিক টেষ্টিং কৰাৰ পিছত মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ইউ ট্ৰাষ্টক ইউনিভাৰ্চিটিয়ে ৯৯ শতাংশ ৰোধ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে বুলি নিশ্চিত কৰে৷

কৰ’ণা কেন্দ্ৰীক পৰিস্থিতিৰ মাজত ককবকাই থকা বিশ্ববাসীক ‘নেছেল স্প্ৰে’ কিদৰে উপসম কৰাত সহায়ক হয় সেইয়া আগন্তুক দিনত হ’ব লক্ষণীয়৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − two =

Back to top button