অসম

হাঁহৰ পোৱালীক কেন্দ্ৰ কৰি সংকটজনক অৱস্থা তিনিজনৰ

হাঁহৰ পোৱালীক লৈ মানকাচৰৰ মইশালডাংগাত সংঘটিত হৈছে প্ৰচণ্ড মাৰপিটৰ ঘটনা। তিনিজনৰ অৱস্থা বৰ্তমান সংকটজনক। এজনক প্ৰেৰণ কৰা হৈছে গোৱালপাৰা চিকিৎসালয়ত।

মানকাচৰৰ মইশালডাংগাত ৰাতিপুৱাই সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটৰ ফলত দুয়ো পক্ষৰ ২১ জন লোক আঘাতপ্ৰাপ্ত হয়। ইয়াৰ মাজতে তিনিজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

এগৰাকী বিধবা মহিলাৰ হাঁহ পোৱালি এটা অইন এজন লোকৰ হাহঁ পোৱালিৰ লগত মিলিত হোৱাত, উক্ত হাহঁ পোৱালিটো বিচাৰি যোৱাত দুয়ো পক্ষৰ মাজত সংঘটিত হয় এনে ভয়ংকৰ মাৰপিটৰ ঘটনা।

ঘটনাত আঘাতপ্ৰাপ্ত লোকক মানকাচৰৰ গজাৰীকান্দি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন কৰা হৈছে যদিও কেইজনমানৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × two =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.