আঞ্চলিক

‘সি মৰা বুলি জানি ভালেই পাইছোঁ, খালী মাকলৈ বেয়া লাগিছে, মোৰ নিচিনা সেইজনীও এজনী মাক’- মাতৃ মততাৰ অনন্য নিদৰ্শন অনিমেষৰ মাতৃৰ

নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা চলোৱাৰ সময়তে পিছত থকা গাড়ীৰ খুন্দাত নিহত হয় ক’লা ল’ৰা ওৰফে নীৰজ দাস।

যোৰহাটৰ অনিমেষ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড ক’লা ল’ৰা ওৰফে নীৰজ দাসৰ মৃত্যু হয়। নিশা আৰক্ষীৰ বাহনৰ পৰা পলায়নৰ চেষ্টা কৰিছিল ক’লা ল’ৰাই। কিন্তু পিছফালে থকা আৰক্ষীৰ বাহনৰ খুন্দাত নিহত হয় ক’লা ল’ৰাৰ।

ক’লা ল’ৰাৰ মৃত্যুৰ পিছতে সন্তোষ প্ৰকাশ কৰিছে অনিমেষৰ পৰিয়ালৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে।

সংবাদ মাধ্যমৰ আগত অনিমেষৰ মাতৃয়ে কান্দি কান্দি কয়,‘‘মোৰ ল’ৰাটোক যদি সোধা-পোছা কৰি মাৰধৰ কৰিলেহেঁতেন, তেতিয়া বেলেগ কথা আছিল। কোনো সোধ-পোছ নাই, মাৰি মাৰি মাৰিয়ে পেলালে। মাত নাইকিয়া ল’ৰাটোক মাৰি পেলালে। মোৰ ল’ৰাটোৱে ওলোটাই এচাট নিদিলে, হয়তো এচাট দিয়াহেঁতেন সি সাৰিলেহেঁতেন। সি চাগে সেইখিনি সময়ত বাচিবলৈ কিমান যত্ন কৰিছিল! সেইকাৰণে, সেই ল’ৰাটো মৰা বুলি জানিব পাই আনন্দিত হৈছো। খালী মাকলৈ বেয়া লাগিছে, মোৰ নিচিনাই সেইজনী মাক। মাক আছে যদি মাকলৈ বেয়া লাগিছে। মাকৰ চাগে বুকুৱে কান্দিছে। কিন্তু মোৰ তালৈ বেয়া লগা নাই।’’

এয়া আছিল যোৰহাটৰ ঘটনাত কৰুণ মৃত্যুক সাবটি লোৱা ছাত্ৰনেতা অনিমেষ ভূঞাৰ মাতৃয়ে উচুপি উচুপি ৰুদ্ধ হ’ব খোজা কণ্ঠেৰে কৰা মন্তব্য ৷ পুত্ৰক হেৰুৱাওৰ বেদনাই মৰ্মাহত কৰা অনিমেষৰ মাতৃৰ এই মমতাভৰা মন্তব্যই চুই গৈছে প্ৰতিগৰাকী মানৱদৰদী ব্যক্তিৰ হৃদয় ৷

আনহাতে, অনিমেষ বৰুৱাৰ পৰিয়ালৰ সদস্যই কয় যে আমি এতিয়া সকাহ পাইছোঁ। এটা এটাকৈ বাকীসকলৰো শাস্তি হ’ব লাগে এয়াই আমাৰ দাবী ৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twelve − five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.