ৰাজনৈতিক

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল; কোনে মাৰিব শেষ হাঁহি?

ভোটদান কৰা ২৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভোটে আজি নিৰ্ধাৰণ কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত

আজি ঘোষণা হ’ব গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল।

জানিব পৰা মতে পুৱা ১০ বজাৰ পৰা আৰম্ভ হৈছে সাধাৰণ নিৰ্বাচনৰ ভোটগণনা। উল্লেখ্য যে, মঙলবাৰে অনুষ্ঠিত হৈছিল বিশ্ববিদ্যালয়খনৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ।

gu election voting
Students of Gauhati University casting their vote for their favourite candidate on the polling day of Gauhati University Post Graduate Students’ Union General Election 2021-22 in Guwahati on 30-11-21. Pix by UB Photos

১৪টা পদৰ বাবে ৩৪ গৰাকী প্ৰাৰ্থীয়ে কৰিছে প্ৰতিদ্বন্দ্বিতা। ২৫৪৬ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ভোটে আজি নিৰ্ধাৰণ কৰিব ৩৪ গৰাকী প্ৰাৰ্থীৰ ভৱিষ্যত।

আনহাতে, গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ গুৰু ক্ৰীড়া বিভাগত বিনা প্ৰতিদ্বন্দ্বিতাৰে এগৰাকী প্ৰাৰ্থী জয়ী হয়।

election
Candidates and their supporters are seen outside the polling stations of Gauhati University Post Graduate Students’ Union General Election 2021-22 in Guwahati on 30-11-21. Pix by UB Photos

মন কৰিবলগীয়া যে, স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি বৰ্তমানেও এক উদুলি-মুদুলি পৰিৱেশে বিৰাজমান কৰিছে বিশ্ববিদ্যালয়খনত।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − 16 =

Back to top button