AssamCultureleatest updateঅসমদৈনিক বাতৰি

আটাইতকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰ!

এই মন্দিৰ ক'ত আছে জানেনে?

বিশ্বকৰ্মা হৈছে স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। আমাৰ অসমতো আছে বিশ্বকৰ্মাৰ এটা বিশেষ মন্দিৰ। এই মন্দিৰটো অতি পুৰণি।আৰু গুৱাহাটীত অৱস্থিত।

জানিব পৰা মতে, ১৯৬৫ চনত প্ৰতিষ্ঠা হোৱা এই মন্দিৰটো এজন পুৰোহিতে প্ৰতিষ্ঠা কৰিছিল। গুৱাহাটীত অৱস্থিত বিশ্বকৰ্মাৰ এই মন্দিৰটো উত্তৰ-পূৱৰ একমাত্ৰ তথা সবাতোকৈ পুৰণি বিশ্বকৰ্মা মন্দিৰ বুলি কোৱা হয়। কামাখ্যা গেটত।নীলাচল পাহাৰলৈ উঠি যোৱা পথটোতেই  নিজা মাটিত স্বৰ্গীয় ভৱকান্ত শৰ্মা নামৰ পুৰোহিতজনে মহাবীৰ প্ৰসাদৰ সহযোগত এই মন্দিৰ নিৰ্মাণ কৰিছিল।

উল্লেখ্য যে, স্থাপন কৰা দিনৰে পৰা ভৱকান্তৰ পৰিয়ালে মন্দিৰটোৰ চোৱা- চিতা বা পূজা- অৰ্চনা কৰি আহিছে। এই মন্দিৰটো কেৱল উত্তৰ পূৱেই নহয়, সম্ভৱতঃ সমগ্ৰ দেশ আৰু বিশ্বৰ একমাত্ৰ বিশ্বকৰ্মাৰ মন্দিৰ। প্ৰতি বছৰে বিশ্বকৰ্মা পূজাৰ দিনা এই মন্দিৰটোত শ শ মানুহৰ ভিৰ পৰিলক্ষিত হয়।

অশ্বিন কৃষ্ণ পক্ষৰ প্ৰতিপদ তাৰিখত ভগৱান বিশ্বকৰ্মাৰ জন্ম হৈছিল বুলি কোৱা হয়, সেইবাবে প্ৰতি বছৰে ১৭ ছেপ্টেম্বৰত বিশ্বকৰ্মা পূজা পালন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.