অসমদুৰ্ঘটনা

ভয়ংকৰ দুৰ্ঘটনাঃ ৰাজপথত পৰি ৰ’ল মহিলাৰ ছিন্ন মুণ্ড

দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালকক আটক কৰিছে গড়চুক আৰক্ষীয়ে

মহানগৰীৰ সৰুসজাইত সংঘটিত এক ভয়াবহ দুৰ্ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়।

দুৰ্ঘটনাটোত মৃত্যু হোৱা মহিলা গৰাকী নুনমাটিৰ ৰুনু দাস বুলি চিনাক্ত কৰা হৈছে।

খানাপাৰাৰ পৰা একে দিশেৰে লখৰা অভিমুখে আহি থকা এ এছ ০২ এ চি ৭৬৬২ নম্বৰৰ এখন ট্ৰাকে এ এছ ০১ ই ডব্লিউ ৬৮১৩ নম্বৰৰ এখন বাইকক মহতিয়াই নিয়ে।

সৰুসজাইত দুৰ্ঘটনাত পতিত হোৱা বাইকখন উদ্ধাৰ হয় ট্ৰাকসহ প্ৰায় এক কিলোমিটাৰ দূৰৈৰ লখৰাত। বাইকখন ট্ৰাকৰ তলত থকা অৱস্থাত উদ্ধাৰ কৰা হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল তাৰ যে প্ৰাণ হেৰুওৱা মহিলা গৰাকীৰ মুণ্ড ছিন্ন অৱস্থাত পৰি আছিল ৰাষ্ট্ৰীয় ঘাইপথত।

আনহাতে গুৰুতৰভাবে আঘাতপ্ৰাপ্ত যুৱকজনক তাৎক্ষনিকভাৱে গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয়।

উল্লেখ্য় যে, দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ চালক ৰফিকুল ইছলামক আটক কৰিছে গড়চুক আৰক্ষীয়ে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.