Assamleatest updateSocialSocial Networkunivers

চন্দ্ৰ বুকুত চমক দেখুৱালে বিক্ৰম লেণ্ডাৰে!

চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ ছফ্ট লেণ্ডিং কৰিলে লেণ্ডাৰ বিক্ৰমে

দেশবাসীলৈ অন্য এক সু-খবৰ। চন্দ্ৰযান–৩য়ে প্ৰৰণ কৰিলে এই ভাল-খবৰ। চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ ছফ্ট লেণ্ডিং কৰিলে লেণ্ডাৰ বিক্ৰমে। দ্বিতীয়বাৰলৈ ছফ্ট লেণ্ডিং কৰিলে লেণ্ডাৰ বিক্ৰমে। ISRO–এ ইয়াৰ জৰিয়তে এক উল্লেখযোগ্য প্ৰাপ্তি লাভ কৰিছে।

উল্লেখ্য যে, বিক্ৰম লেণ্ডাৰে চন্দ্ৰপৃষ্ঠত পুনৰ এবাৰ ৪০ ছেণ্টিমিটাৰ উপৰলৈ উঠে আৰু ৩০ৰ পৰা ৪০ ছেণ্টিমিটাৰ দূৰত্ব অতিক্ৰম কৰে। টুইট যোগে ISROৱে এই কথা কয় যে বিক্ৰমে পুনৰ ছফ্ট লেণ্ডিং কৰিছে।

জানিব পৰা মতে, কমাণ্ড দিয়াৰ পিছত বিক্ৰমৰ ইঞ্জিন অন হয়। ইয়াৰ পিছত শূন্যত ৪০ ছেণ্টিমিটাৰ ওপৰলৈ যায় আৰু পুৰণি স্থানতকৈ ৩০–৪০ ছেণ্টিমিটাৰ নিলগত ছফ্ট লেণ্ডিং কৰে। এই বিষয়টো এইবাবেই গুৰুত্বপূৰ্ণ কিয়নো ইয়াৰ ফলত ভৱিষ্যতে চন্দ্ৰপৃষ্ঠৰ পৰা চেম্পল আনিবলগীয়া মিছন আৰু মানৱ মিছন সফল হ’ব পাৰে।

বৰ্তমান বিক্ৰম লেণ্ডাৰৰ সকলো অংশ আৰু যন্ত্ৰই সঠিকভাৱে কাম কৰি আছে। এই উৰণৰ পূৰ্বে বিক্ৰম লেণ্ডাৰৰ ৰেম্প, পে’লোডছ বন্ধ কৰি দিয়া হৈছিল। দ্বিতীয়বাৰ ছফ্ট লেণ্ডিঙৰ পিছত পুনৰ খুলি দিয়া হৈছে। ইয়াৰ পূৰ্বে চন্দ্ৰযান–৩ৰ প্ৰজ্ঞান ৰ’ভাৰক চন্দ্ৰপৃষ্ঠত সুৰক্ষিত স্থানত শ্লীপ ম’ডত পাৰ্ক কৰা হৈছে। পুনৰ সূৰ্যৰ কিৰণ পোৱাৰ লগে লগে পুনৰ প্ৰজ্ঞানে সক্ৰিয় হৈ উঠিব বুলি আশা কৰা হৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eight + four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.