অপৰাধঅসমদুৰ্ঘটনাদৈনিক বাতৰি

মহানগৰীত অঘটন! ছয় মহলাৰ পৰা জপিয়ালে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে

মহানগৰীৰ কাহিলিপাৰাৰ মৰ্ডাণ ইংলিছ স্কুলত অঘটন। ছয় মহলাৰ পৰা জপিয়ালে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে। ICUত বৰ্তমানে চিকিৎসাধীন হৈ আছে ১৪ বছৰীয়া ছাত্ৰীগৰাকী।

মহানগৰীৰ কাহিলিপাৰাৰ মৰ্ডাণ ইংলিছ স্কুলত অঘটন। ছয় মহলাৰ পৰা জপিয়ালে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে। তাৰ পাছতেই সংকটজনক অৱস্থাত হায়াট হাস্পতাললৈ প্ৰেৰণ কৰা হয় ছাত্ৰীগৰাকীক। ICUত বৰ্তমানে চিকিৎসাধীন হৈ আছে ১৪ বছৰীয়া ছাত্ৰীগৰাকী।

ঘটনা সংঘটিত হোৱাৰ পাছত ঘটনাক গাপ দিবলৈ চেষ্টা কৰে বিদ্যালয় কৰ্তৃপক্ষই। লগতে সংবাদ মাধ্যমকো প্ৰৱেশত বাধা আৰোপ কৰে। বৰ্তমানে তদন্ত অব্যাহত ৰাখিছে ওদালবাক্ৰা আৰক্ষীয়ে।
উল্লেখ্য যে, অধ্যক্ষাৰ বিৰুদ্ধে গালি দিয়াৰ অভিযোগ পৰিয়ালৰ। ইয়াৰ পিছতে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছিল ছাত্ৰীগৰাকীয়ে।

Suicide note পোৱা বুলি স্কুল কৰ্তৃপক্ষই অৱগত কৰিছে যদিও চুইচাইড নোট বৰ্তমানেও দেখুওৱা নাই পৰিয়ালক। চুইচাইড নোটত উল্লেখ থকা যুৱকজন অধ্যক্ষাৰ ভতিজা বুলি জানিব পৰা গৈছে। যুৱকজনৰ পিতৃ গুৱাহাটী ৰে’ল আৰক্ষীৰ উচ্চপদস্থ বিষয়া। ওদালবাক্ৰা আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.