অসম

বিভ্ৰান্তিমূলক বাতৰিক লৈ ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰণি সন্থাৰ সংবাদমেল

বিভ্ৰান্তিমূলক বাতৰি পৰিৱেশন কৰি অহাৰ অভিযোগ তোলে ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰণি সন্থাই

পাহাৰীয়া জিলা পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰণি সন্থাৰ সংবাদমেল৷ কিছুদিন পূৰ্বে ধনটি দাস নামৰ এজন যুৱকে অনুসূচিত জাতিৰ প্ৰমাণ পত্ৰ বনোৱাক লৈ তৰণি সন্থাক সাঙুৰি একাংশ প্ৰচাৰ মাধ্যমত বিভ্ৰান্তিমূলক বাতৰি পৰিৱেশন কৰি অহাৰ অভিযোগ তোলে ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰণি সন্থাই৷

এক সংবাদমেলযোগে তৰণি সন্থাৰ কৰ্মকৰ্তা হাৰসিং টিমুঙে কয় যে, ধনটি দাস নামৰ যুৱকজনে এচ চি চাৰ্টিফিকেট বনোৱাৰ বাবে তেওঁক খাটনি ধৰে। সেই অনুসৰি তৰণিয়ে ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ পৰা ৩০কি:মি: দূৰত অৱস্থিত হামৰেণৰ পশ্চিম কাৰ্বি আংলং জিলা উপায়ুক্তক যাৱতীয় নিয়ম অনুসৰি জমা দিয়ে যুৱকজনৰ নথি-পত্ৰ। পৰৱৰ্তী সময়ত এই প্ৰমাণ পত্ৰও লাভ কৰে ধনটি দাসে।

তেতিয়ালৈকে সকলো ঠিকেই আছিল। কিন্তু প্ৰমাণ পত্ৰ বনোৱাৰ বাবদ তৰণিয়ে লোৱা মাননিৰ গয়না লৈ শেহতীয়াকৈ ধনটি দাসে সংবাদ মাধ্যমত প্ৰকাশ কৰে কিছু অযুক্তিকৰ কথা। ডংকামোকাম ৰাজহ চক্ৰ কাৰ্যালয়ৰ তৰণী সন্থাৰ ভাৱমূৰ্তি জনমানসত হেয় কৰাৰ মানসেৰে যুৱকজনে এই কাৰ্য কৰিছে বুলি ঘোষণা কৰে তৰণি সন্থাই। এক সংবাদমাধ্যমযোগে এনে কাৰ্যৰ পৰা বিৰত থাকিবলৈ ধনটি দাস নামৰ যুৱকজনক বিনম্ৰতাৰে আহ্বান জনায় তৰণি সন্হাৰ কৰ্মকৰ্তা হাৰসিং টিমুংসহ কেইগৰাকীমান তৰণিয়ে৷

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.