আন্তঃৰাষ্ট্ৰীয়ৰাষ্ট্ৰীয় সুৰক্ষা

ক্ষোভত জ্বলিছে দক্ষিণ আফ্ৰিকা

১৯৯৪ চনৰ পাছত প্ৰথমবাৰৰ বাবে অসামৰিক অস্থিৰতাৰ মাজত ডুব গৈছে দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকা জ্বলিছে। ১৯৯৪ চনৰ পাছত প্ৰথমবাৰৰ বাবে অসামৰিক অস্থিৰতাৰ মাজত ডুব গৈছে দক্ষিণ আফ্ৰিকা।
দক্ষিণ আফ্ৰিকাৰ হিংসাত্মক কাৰ্যত মৃত্যুক সাৱটিছে ৭০ জনতকৈও অধিক লোকে। ধ্বংস হৈছে বহু ব্যৱসায়িক প্ৰতিষ্ঠান।

দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেকব জুমাক কাৰাগাৰলৈ প্ৰেৰণ কৰাক লৈ সৃষ্টি হয় তীব্ৰ হিংসাৰ। আদালতক অৱমাননা কৰাৰ অপৰাধত এসপ্তাহ পূৰ্বে ১৫ মাহৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল জেকব জুমাক।
কিছুদিন পূৰ্বে দুৰ্নীতি বিৰোধ আয়োগৰ সন্মুখত ৰাষ্ট্ৰপতিকালৰ এটা গোচৰৰ বাবে সাক্ষী দিবলৈ কোৱা হৈছিল প্ৰাক্তন ৰাষ্ট্ৰপতি জুমাক।কিন্তু সাক্ষী দিবলৈ অমান্তি হোৱাৰ বাবে আদালতক অৱমাননা কৰাৰ অপৰাধত জেল-হাজোতলৈ প্ৰেৰণ কৰা হয় জুমাক।

South Africa's Ex-President Zuma's supporters

৯ বছৰৰ শাসনকালত আফ্ৰিকাৰ ‘জুলু’ জাতিৰ বাবে কাম কৰি অহা প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ ১৫ মহীয়া কাৰাবাসক এতিয়া আফ্ৰিকাৰ আটাইতকৈ ডাঙৰ গোট ‘জুলু’ জাতিক আক্ৰমণৰ লক্ষ্য কৰিছে বুলি শংকিত হৈ উঠিছে জুলু জাতিৰ লোকসকল।
ৰাষ্ট্ৰপতিগৰাকীৰ সমৰ্থকসকলে এতিয়া সৃষ্টি কৰিছে এক অপ্ৰীতিকৰ পৰিস্থিতিৰ। জুমাৰ গৃহ চহৰ কুৱাজুলু-নাতালত টায়াৰ জ্বলাই, পথ অৱৰোধ কৰি প্ৰতিবাদ কৰে ৰাষ্ট্ৰপতিৰ সমৰ্থকসকলে। প্ৰতিবাদে ইমানেই ভয়ংকৰ ৰূপ লয় যে  কুৱাজুলু-নাতালত এতিয়া মাথো ধ্বংসৰ পৰিৱেশ। এই হিংসাত্মক কাৰ্যত মৃত্যুক সাৱটিছে ৭০ জনতকৈও অধিক নিৰীহ লোকে।

South Africa's Ex-President Zuma's supporters

প্ৰতিবাদীসকলৰ মাজত অপৰাধীৰ দল সোমাই অধিক হিংসাত্মক কৰি তোলে প্ৰতিবাদ। তেওঁলোকে ব্যৱসায়িক প্ৰতিষ্ঠান ভঙাৰ লগতে বিভিন্ন প্ৰতিষ্ঠানত লুটপাত আৰম্ভ কৰে। ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে এই অপৰাধী দলৰ ১২০০জনতকৈও অধিক লোকক।

কুৱাজুলু-নাতালৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবৰ বাবে দক্ষিণ আফ্ৰিকা চৰকাৰে ইতিমধ্যে মোতায়েন কৰিছে সেনাবাহিনী।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

8 + 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.