অৰ্থনৈতিকঅসমপৰিৱেশবতৰ

প্ৰকৃতিয়েই শেষ সম্বল! ভৰা শাওণৰ পথাৰত যুদ্ধকালীন প্ৰস্তুতিৰ বাবে সাজু চহা গ্ৰাম্য কৃষক

আহাৰ শাওণৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে চহা অসমীয়াই

আহাৰ শাওণৰ পথাৰত কপালৰ ঘাম মাটিত পেলাই নাঙলৰ সীৰলুত সেউজীয়াৰ সপোন ৰচে চহা অসমীয়াই। সোণফলা মাটিত প্ৰাণ পোৱা মুঠি মুঠি কঠীয়াই সজীৱ কৰি তোলে জীয়াই থকাৰ আশা। এইয়াই হৈছে শাওণ, যিয়ে চঞ্চল হাঁহিৰে নিভাঁজ কৰি তোলে চহা মানুহৰ মনবোৰ। ভৰ বাৰিষাৰ মাজত এতিয়া খেতি পথাৰত ব্যস্ত কৃষক-ৰোৱনীসকল। ৰ’দ,বতাহ, বৰষুণেও যেন লগে ভাগে সহযোগ কৰিছে তেজপুৰৰ কৃষকসকলক।

বছৰ বছৰ ধৰি কৃষি বিভাগৰ অভিলাষী আঁচনিৰ পৰা বঞ্চিত হৈও নিজৰ গাঁঠিৰ ধন ভাঙি কৃষিকাৰ্য্যত আত্মনিয়োগ কৰি আহিছে তেজপুৰৰ কৃষক ৰাইজে। বহুতো অসুবিধাৰ সন্মুখীন হৈও প্ৰকৃতিকেই শেষ সম্বল হিচাপে লৈ ভৰা শাওণৰ পথাৰত এতিয়া যুদ্ধকালীন প্ৰস্তুতি চলাইছে চহা গ্ৰাম্য কৃষকে। পথাৰত আলি দিয়া, কঠীয়া তোলা, মৈ দিয়া কামৰ বিৰামহীন কামৰ মাজত ব্যস্ত হৈ পৰিছে খেতিয়কসকল।

আগন্তুক দিনত এমুঠি অধিক সোণগুটি পোৱাৰ আশাৰে সেউজ তেজপুৰ অঞ্চলৰ কৃষক ৰোৱনীসকল নামি পৰিছে নিজৰ সপোনৰ খেতি ডৰাত। শাওণৰ ভৰ দুপৰীয়া দেহৰ ঘাম মাটিত পেলাই চাহ কৰা পথাৰত ভুঁই ৰুই ব্যস্ত হৈ থকা জাক-জাক ৰোৱনীৰ মাজত হোৱা কথোপকথন তথা হাঁহিয়ে পাহৰাই পেলোৱাৰ ক্ষমতা ৰাখে সকলো ক্লান্তি-অৱসাদ। এয়াই শাওণৰ মৰম।  গীত-মাতৰ মাজেৰে পৰিৱেশ জীপাল কৰি তুলি  কষ্টৰ অনুভৱ নকৰাকৈ শাওনৰ পথাৰখনক সেউজীয়া ৰূপ দিয়াৰ বাবে অহৰহ চেষ্টা চলাইছে গাঁৱৰ জীয়ৰী -বোৱাৰীকে আদি কৰি  সমূহ ডেকা- বুঢ়া। বহু কষ্টৰ পিচতো কেতিয়াবা উপযুক্ত পথপ্ৰদৰ্শক তথা প্ৰয়োজনীয় পুজিঁৰ অভাৱত চহা কৃষকৰ কষ্টৰ ঘাম অথলে যোৱা পৰিলক্ষিত হয়।

এইক্ষেত্ৰত কৃষি বিভাগৰ কৰণীয় কি? কিয় এতিয়াও নিদ্ৰাত মগ্ন চৰকাৰ? উত্তৰৰ অপেক্ষাত সাধাৰণ কৃষক সমাজ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 + 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.