অপৰাধঅসম

ধুবুৰী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নৈত চলোৱা অভিযানত নৌকাসহ জব্দ ৩০ টা গৰু

চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান

ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নৈত চোৰাং গৰুৰ বিৰুদ্ধে ধুবুৰী আৰক্ষীৰ অভিযান।

ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্ত তথা বীৰসিং জৰুৱা অঞ্চলৰ চোৰাং গৰুৰ বিৰূদ্ধে নিশা ধুবুৰী আৰক্ষীয়ে অভিযান চলাই।

  ধুবুৰী জিলা আৰক্ষী অধীক্ষক অভিজিৎ গৌৰৱ দিলীপৰৰ নিৰ্দেশত ধুবুৰী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰ নৈত চলোৱা অভিযানত নৌকাসহ ৩০ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়।

 সাত জনীয়া গৰু সৰবৰাহকাৰীৰ এটা দলে ব্ৰহ্মপুত্ৰ নৈৰ পথেৰে বাংলাদেশ লৈ চোৰাং গৰু সৰবৰাহ কৰি থকাৰ সময়তে গোপন খবৰৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে গৰু ভৰ্তি নৌকা দুখন আটক কৰাৰ বাবে তীব্রতৰ চেষ্টা চলায়। গৰু সৰবৰাহকাৰীৰ দলটোৱে আৰক্ষীৰ দলটোক দা,  কুঠাৰী আদি চোকা অস্ত্রৰে আক্ৰমণৰ চেষ্টা চলায়। অৱশেষত আৰক্ষীয়ে উপায়ন্তৰ হৈ নৌকালৈ লক্ষ্য কৰি ৬ জাই গুলীচালনা কৰে। গৰু সৰবৰাহকাৰীৰ দলটো নৌকাৰ পৰা পানীত জপিয়াই পলায়ন কৰে।

  গৰু ভৰ্তি নৌকা দুখন পানীত ডুবি যোৱাৰ সময়তে ৩০ টা গৰু জব্দ কৰে ধুবুৰী আৰক্ষীয়ে। ধুবুৰীত বক্ৰ পথেৰে গৰু সমূহ খোজ কঢ়াই আনি ব্ৰহ্মপুত্ৰৰ নৈৰ পথেৰে বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰা হয়।

  গৰু সৰবৰাহকাৰীয়ে নিতৌ ন, কৌশল অৱলম্বন কৰি বাংলাদেশলৈ চোৰাং গৰু সৰবৰাহ কৰি আহিছে।

  আনহাতে দীৰ্ঘদিনধৰি চোৰাং গৰুৰ ব্যবসায়ৰ লগত জড়িত কুখ্যাত গো মাফিয়াসকল আৰক্ষীৰ জালত পৰিব বুলি জিলা অতিৰিক্ত আৰক্ষী অধীক্ষকে মন্তব্য কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − 10 =

Check Also
Close
Back to top button