Covid-19অসমস্বাস্থ্য

এদিনতে ৰাজ্যত মুঠ ৩,৩৯,৫৩৬জন লোকক প্রদান কৰা হ’ল ভেকচিন

ক’ভিডৰ ভেকচিনেৰে অভিলেখ

ব্যাপক হাৰত ক’ভিডৰ ভেকচিন প্রদান কার্যসূচী গ্রহণ কৰিছে ৰাজ্য চৰকাৰে৷ সমগ্র দেশৰ লগতে বর্ধিত টিকাকৰণ অভিযানৰ অধীনত ৰাজ্যত সোমবাৰে প্রদান কৰা হ’ল অভিলেখ সংখ্যক লোকক ক’ভিড ভেকচিন কাৰ্যসুচি৷

৩০ জুন পর্যন্ত বর্ধিত টিকাকৰণ অভিযান গ্রহণ কৰাৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ দেশৰ সকলো ৰাজ্যত ১৮ বছৰ ঊর্ধ্বৰ ব্যক্তিক বিনামূলীয়াকৈ ব্যাপক হাৰত ভেকচিন প্রদানৰ লক্ষ্য বান্ধি লৈছিল। পূর্বনির্ধাৰিত লক্ষ্য অতিক্রম কৰি বর্ধিত টিকাকৰণ অভিযানৰ প্রথমটো দিনতে ৰাজ্যত মুঠ ৩,৩৯,৫৩৬জন লোকক প্রদান কৰা হ’ল ভেকচিন৷

ইয়াৰ বাবে ৰাজ্যত মুঠ ২,১৮৪টা ভেকচিন কেন্দ্রত ৰাজ্যবাসীক ভেকচিন প্রদানৰ বাবে সাজু কৰি তোলা হৈছিল৷ এই ভেকচিন কেন্দ্রসমূহৰ ২,১৬২টা চৰকাৰী কেন্দ্র৷ বাকী ২২টা কেন্দ্র আছিল ব্যক্তিগত৷

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল, মহেন্দ্র মোহন চৌধুৰী হাস্পতাল, খানপাৰা ৰাজ্যিক চিকিৎসালয়, পাণ্ডু এফ আৰ ইউ আৰু পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ত নিশা ৮ বজালৈ ভেকচিন প্রদান কৰা হয়৷ সোমবাৰে ৰাজ্যত অনলাইনযোগে পঞ্জীয়ন কৰা লোকসকলৰ উপৰি ভেকচিন কেন্দ্রসমূহত উপস্থিত হোৱাৰ পাছত পঞ্জীয়ন কৰিও ভেকচিন প্রদান কৰা হৈছিল৷

ৰাজ্যত এই অভিযান সফল কৰাৰ ক্ষেত্রত সমুখৰ পৰা নেতৃত্ব দিয়ে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seven − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.