অপৰাধঅসমৰাষ্ট্ৰীয় সুৰক্ষা

অসম-মিজোৰাম সীমান্তৰ ঘটনাক লৈ শিলচৰৰ মিজোৰাম ভৱনত উত্তপ্ত পৰিস্থিতি

বৰাকৰ ৰাইজৰ হাতত অস্ত্ৰ লোৱৰ হুংকাৰ

অসম-মিজোৰাম সীমান্তৰ ঘটনাক লৈ শিলচৰৰ মিজোৰাম ভৱনত উত্তপ্ত পৰিস্থিতি। মিজোৰামৰ বৰ্বৰতাৰ বিৰুদ্ধে শিলচৰৰ বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। শিলচৰৰ মিজোৰাম ভৱনৰ সম্মুখত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলা হৈছে। মোতায়েন কৰা হৈছে আৰক্ষী আৰু CRPFৰ জোৱান। তেওঁলোকৰ দাবী যে,  মিজোৰামৰ চৰকাৰৰ ইনাৰপাৰমিট বাতিল কৰিব লাগে যদি মিজোৰামৰ ইনাৰপাৰমিট বাতিল কৰা নহয় তেন্তে অসমতো ইনাৰপাৰমিটৰ ব্যবস্থা কৰিব লাগে।

মিজোৰামৰ যিসকল লোকে অসম পুলিচৰ উপৰত গুলি নিক্ষেপ কৰিছে তেওঁলোকক ৭ দিনৰ ভিতৰত গ্রেপ্তাৰ কৰাৰ দাবী জনায় শিলচৰৰ বিভিন্ন সংগঠনৰ সদস্যই। তেওঁলোকে লগতে কয় যে,  অসম আৰক্ষীৰ উপৰত যাদি মিজোৰাম পুলিচে পুনৰ আক্ৰমণ কৰে তেন্তে বৰাকৰ ৰাইজে হাতত অস্ত্ৰ ল’ব বুলিও হুংকাৰ দিছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.