আন্তঃৰাষ্ট্ৰীয়

ৰাছিয়াৰ বিৰুদ্ধে যুঁজিবলৈ ইউক্ৰেইন আৰ্মীত যোগ দিলে ভাৰতীয় ছাত্ৰই…

০১৮ চনতে খাৰকিভৰ নেশ্যনেল এৰ'স্পেচ ইউনিভাৰ্চিটীত নামভৰ্তি কৰা ৰবিচন্দ্ৰনে পৰৱৰ্তী সময়ত এটা ভিডিঅ' গেম ডেভেলপিং কোম্পানীত যোগ দিয়ে।

সোমবাৰে, তামিলনাডুৰ এটা পৰিয়াললৈ আহিল এটা উদ্বেগজনক খবৰ। খবৰটোৱে মুহূৰ্ততে স্থবিৰ কৰিলে সময়। ঘৰৰ জ্যেষ্ঠ পুত্ৰই যোগ দিলে সেনাত। সেনাত যোগ দিয়া খবৰটো গৌৰৱ হোৱাৰ পৰিৱৰ্তে আচৰিত কৰি তুলিলে চৈনিখেচ ৰবিচন্দ্ৰনৰ পৰিয়ালক। কিয়নো ভাৰতৰ ছাত্ৰজনে যোগ দিলে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ সেনা বাহিনীত।

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ চলি থকাৰ সময়তে ইউক্ৰেইন আৰ্মীত যোগ দিয়া ছাত্ৰজনে নিজৰ উচ্চতা কম হোৱাৰ বাবে যোগ দিব পৰা নাছিল ভাৰতীয় সেনাত।

তামিলনাডুৰ কৈম্বেটৰৰ ২১ বছৰীয়া চৈনিখেচ ৰবিচন্দ্ৰন হৈছে এৰ’স্পেচ ইঞ্জিনিয়াৰিঙৰ এজন ছাত্ৰ। পূৰ্বে ভাৰতীয় সেনাত যোগদানৰ চেষ্টা চলোৱা ৰবিচন্দ্ৰনে নিজৰ কম উচ্চতাৰ বাবে সেনাত যোগদানৰ পৰা বঞ্চিত হয়। আনকি আমেৰিকান আৰ্মীতো যোগদানৰ বাবে চেষ্টা চলোৱা যুৱকজনে অৱশেষত পঢ়িবৰ বাবে যায় ইউক্ৰেইনলৈ। ২০১৮ চনতে খাৰকিভৰ নেশ্যনেল এৰ’স্পেচ ইউনিভাৰ্চিটীত নামভৰ্তি কৰা ৰবিচন্দ্ৰনে পৰৱৰ্তী সময়ত এটা ভিডিঅ’ গেম ডেভেলপিং কোম্পানীত যোগ দিয়ে।

চাৰিদিনৰ পৰা পৰিয়াল, আত্মীয়ৰ সৈতে যোগাযোগ বিচ্ছিন্ন থকা ৰবিচন্দ্ৰনে সোমবাৰে ইউক্ৰেইনৰ আৰ্মীত যোগদানৰ খবৰটোৱে স্বাভাৱিকতে চিন্তাত পেলাইছে পৰিয়ালৰ লোকক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 1 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.