Internationalleatest updateঅসমউৎসৱগুৱাহাটীদৈনিক বাতৰিভাৰতমনোৰঞ্জনসংস্কৃতি

কোন কোন বিহুৱা- বিহুৱতীয়ে পাব চৰকাৰৰ ২৫ হাজাৰ টকা?

বেংক একাউণ্টলৈ পোনে পোনে যাব এই ধন।

জনতা ভৱনত মুখ্যমন্ত্ৰীৰ সংবাদ মেল। সংবাদ মেলত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। ১৪ এপ্ৰিলৰ পৰিৱৰ্তে এতিয়া ১৩ এপ্ৰিলত অনুষ্ঠিত হব বিশ্ব ৰেকৰ্ড। কোনো প্ৰৱেশ পত্ৰ নোহোৱাকৈয়ে কাইলৈৰ বিহু অনুষ্ঠান উপভোগ কৰিব পাৰিব। সকলোকে বিহু অনুষ্ঠান চাবলৈ আমন্ত্ৰণ জনাই মুখ্য়মন্ত্ৰীয়ে। বিয়লি ৫.৩০ বজাৰ পৰা ৬.৩০ বজালৈ হব বিহুৰ অনুষ্ঠান। সকলোৱে ৪ বজাত প্ৰৱেশ কৰিব লাগিব সৰুসজাইত।

১৪ এপ্ৰিলত উপস্থিত থাকিব প্ৰধানমন্ত্ৰী। ১৪ এপ্ৰিলৰ দিনা কেৱল প্ৰৱেশ পত্ৰ পোৱাসকলকহে বিহু চোৱাৰ অনুমতি চৰকাৰৰ। সৰুসজাইৰ বিহুত অংশ লোৱা বিহুৱা-নাচনীলৈ চৰকাৰে ২৫ হাজাৰকৈ চকা ঘোষণা কৰিছে। ইয়াৰ উপৰিও বিহু নৃত্য আৰু ঢোলবাদন দুয়েটাই হব গীনিজ ৰেকৰ্ড। সকলো চেনেলতে UNCUT চলিব বিহুৰ অনুষ্ঠান। ঠায়ে ঠায়ে স্ক্ৰীনিঙৰো ব্যৱস্থাও কৰিব চৰকাৰে।

পিছে কোনে কোনে পাব চৰকাৰৰ এই ২৫ হাজাৰ টকা? ৰিজাৰ্ভত থকা ৪, হাজাৰ নাচনীয়েও পাব এই ধন লগতে বিহুৰ ট্ৰেইনাৰসকলেও লাভ কৰিব ২৫ হাজাৰ টকা। বেংক একাউণ্টলৈ পোনে পোনে যাব এই ধন।

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.