আন্তঃৰাষ্ট্ৰীয়খেলভাৰত

স্বৰ্ণ জয়ৰ দৌৰত কিয় পিছ পৰি ৰয় ভাৰত?

কিন্তু প্ৰত্যেক ৪ বছৰৰ মূৰে-মূৰে উত্থাপিত হয় একেটাই প্ৰশ্ন-অলিম্পিকত ভাল ফলাফল প্ৰদৰ্শনত কিয় পিছ পৰি ৰয় ভাৰত?

ক্ৰীড়াপ্ৰেমী ভাৰতবাসীৰ মুখত হাঁহি বিৰিঙাই টকিঅ’ত উজলিছে ভাৰতীয় খেলুৱৈ। নিজৰ শ্ৰেষ্ঠ প্ৰদৰ্শনেৰে ইতিমধ্যে ভাৰতৰ হৈ পদক আজুৰিবলৈও সক্ষম হৈছে খেলুৱৈসকল।

বুধবাৰে বক্সিং ৰিঙত দুৰ্দান্ত প্ৰদৰ্শনেৰে দেশবাসীলৈ গৌৰৱ কঢ়িয়ালে অসম কন্যা লাভলীনাই। অলিম্পিক জয়ৰ সপোন দেখা লাভলীনাই নিজৰ পৰাক্ৰম প্ৰদৰ্শন কৰা স্বত্বেও আজুৰিবলৈ সক্ষম নহ’ল স্বৰ্ণ। কিয়নো লাভলীনাৰ প্ৰতিদ্বন্দ্বী আছিল শক্তিশালী বিশ্ব চেম্পিয়ন টুৰ্কীৰ বুছেনাজ চৰ্মেনেলী। প্ৰতিদ্বন্দ্বীৰ ওচৰত পৰাজয় বৰণ কৰিলে লাভলীনাই। ভাৰতলৈ স্বৰ্ণ নাহিলেও অৱশ্যে ব্ৰঞ্জ কঢ়িয়ালে বক্সাৰগৰাকীয়ে।

অলিম্পিকত অসম কন্যা লাভলীনা(ফটো: সংগৃহীত)
অলিম্পিকত অসম কন্যা লাভলীনা(ফটো: সংগৃহীত)

বহু বছৰৰ পূৰ্বে ১৯৮০ চনত ভাৰতীয় পুৰুষ হকী দলে অলিম্পিকত স্বৰ্ণ জয় কৰাৰ পাছত ২০০৮ চনত শ্বুটিঙত একমাত্ৰ স্বৰ্ণ জয় কৰিছিল ভাৰতে।

অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ জয়ী অভিনৱ বিন্দ্ৰা(ফটো:সংগৃহীত)
অলিম্পিকত ভাৰতৰ হৈ স্বৰ্ণ জয়ী অভিনৱ বিন্দ্ৰা(ফটো:সংগৃহীত)

এসময়ত চাহবাগানত পাত তোলাৰ কাম কৰি পৰিয়াল পোহপাল দিয়া লাভলীনাৰ পিতৃয়ে জীয়ৰীৰ ভৱিষ্যত চিন্তা কৰিয়েই ৮ বছৰৰ বাবে ঘৰৰ পৰ বাহিৰত প্ৰশিক্ষণ ল’বলৈ পঠিয়াইছিল লাভলীনাক। বুধবাৰে খেলৰ অন্তত বক্সাৰগৰাকীয়ে কয় যে, “মই এশ শতাংশই নিশ্চিত আছিলো ঘৰলৈ স্বৰ্ণ লৈ আহিম বুলি।” কিন্তু বক্সিং ৰিঙৰ ভিতৰত বুছেনাজ চাৰ্মেনেলীৰ ওচৰত হাৰ মানিছিল লাভলীনাই। বক্সাৰগৰাকীয়ে এতিয়াও লাভ কৰিলে ব্ৰঞ্জৰ পদক।

মহিলাৰ ভাৰত্তোলনত ৰূপ আৰু মহিলাৰ বেডমিন্টনত ব্ৰঞ্জ পোৱাৰ পাছতে এয়া ভাৰতৰ তৃতীয় পদক। বৃহস্পতিবাৰে ভাৰতীয় পুৰুষ হকী দলটোৱেও ৪১ বছৰৰ অন্তত ব্ৰঞ্জ লাভ কৰিবলৈ সক্ষম হয়।

কিন্তু প্ৰত্যেক ৪ বছৰৰ মূৰে-মূৰে উত্থাপিত হয় একেটাই প্ৰশ্ন-অলিম্পিকত ভাল ফলাফল প্ৰদৰ্শনত কিয় পিছ পৰি ৰয় ভাৰত?

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতক গোলকীয় প্লেটফৰ্মত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰি আহিছে। ২০১৬ চনৰ ৰিঅ’ অলিম্পিকত ভাৰতীয় খেলুৱৈয়ে এটা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰাৰ পৰৱৰ্তী সময়ত ভাৰত চৰকাৰে ক্ৰীড়াৰ আন্তঃগাঁঠনি সৱল কৰাৰ ক্ষেত্ৰত পদক্ষেপ লৈছিল যদিও সেয়া আধৰুৱা হৈয়ে ৰ’ল। কিন্তু এতিয়া ভাৰতৰ ক্ৰীড়াৰ আন্তঃগাঁঠনি শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত ভাৰত চৰকাৰে লৈছে বিশেষ পদক্ষেপ।

২০০৮ চনত বেইজিঙৰ অলিম্পিকত শ্বুটিঙত স্বৰ্ণ জয় কৰা খেলুৱৈ অভিনৱ ব্ৰিন্দাই কয় যে, ভাৰতত বৰ্তমান ক্ৰীড়াৰ যি পৰিৱেশ সেয়া ২০০৮ চনৰ পৰিৱেশতকৈ সম্পূৰ্ণ পৃথক।

বুধবাৰে মল্লযুঁজত ৰবি কুমাৰ দাহিয়া, জেভেলিন থ্ৰ’ত নীৰজ চোপ্ৰাৰ ফাইনেলত প্ৰৱেশে কিছু আশাৰ ৰেঙনি কঢ়িয়াইছে সকলোৰে মুখত। কিন্তু বহুকেইটা খেলত হতাশাৰ কাৰণ হৈ পৰিছে টকিঅ’ অলিম্পিক। ডিচকাচ থ্ৰ’, শ্বুটিং, মল্লযুঁজ আদিত ভাৰতে সন্তোষজনক ফলাফল দেখুৱাবলৈ সক্ষম নহ’ল।

কিন্তু, চৰকাৰে ক্ৰীড়াৰ আন্তঃগাঁঠনি সৱল কৰাৰ লগতে প্ৰত্যেকজন ভাৰতীয়ই নিজৰ সন্তানক নিম্ন পৰ্যায়ৰ পৰাই ক্ৰীড়াৰ প্ৰতি আগ্ৰহী কৰি তুলিলে হয়তো অনাগত বছৰত অলিম্পিকত কেৱল ৰূপ, ব্ৰঞ্জ নহয়, স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ’ব ভাৰতীয় খেলুৱৈ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nineteen − eighteen =

Check Also
Close
Back to top button