Socialঅসমকৃষিখাদ্যজীৱনশৈলীবতৰস্বাস্থ্য

আপুনি কমলা খাই ভাল পাই নেকি? যদি পায়, তেন্তে জানি লওক এইসমুহ উপকাৰীতা…

সমগ্ৰ বিশ্বতে জনপ্ৰিয় কমলা টেঙাৰ আছে কিছুমান বিশেষ স্বাস্থ্যজনিত উপকাৰিতা

সুমথিৰা বা কমলা টেঙা এবিধ শীতকালিন সুমিষ্ট ৰসাল ফল। সমগ্ৰ বিশ্বতে ই এক জনপ্ৰিয় ফল। কমলা টেঙাৰ আছে কিছুমান বিশেষ স্বাস্থ্যজনিত উপকাৰিতাৰ।

নৱেম্বৰ মাহৰ পৰা মাৰ্চ মাহলৈ নানা আকাৰৰ কমলা অসমৰ বজাৰত ভৰি পৰে। শিশুৰ পৰা বৃদ্ধলৈকে সকলো বয়সৰ মানুহে খাই ভাল পাই কমলা।

বিশ্বৰ অগণন লোকৰ দৰে আপোনাৰো হয়টো কমলা এবিধ প্ৰিয় ফল। কিন্তু আপুনি জানেনে এই কমলা উপকাৰিতা কিমান? কিন্তু আপুনি খাই ভাল পোৱা কমলা টেঙাৰ সঠিক ব্যৱহাৰ জানেনে?

আপুনি কমলা খাই ভাল পাই নেকি? যদি পায়, তেন্তে জানি লওক এইসমুহ উপকাৰীতা...

কমলাত যথেষ্ট পৰিমাণে বিভিন্ন খাদ্যপ্ৰাণ থকাৰ উপৰি ৰোগ প্ৰতিৰোধ আৰু সৌন্দৰ্য ৰক্ষা বাবেও অতি গুণকাৰী।

কমলাত অত্যাধিক মাত্ৰাত ভিটামিন চি উপলব্ধ। এটা কমলাই শৰীৰত প্ৰতিদিনৰ ১১৬.২ শতাংশ ভিটামিন চি সৰবৰাহ কৰে। ভিটামিন চিয়ে ক’ল’ন কৰ্কট ৰোগ হ্ৰাস কৰাত সহায় কৰে।

কমলাই ৰক্তহীনতা দুৰ কৰাৰ লগতে কমলাৰ ৰসৰ নিয়মীত সেৱনে এনিমিয়াৰ পৰা হাত সাৰাত সহায় কৰে। গৰ্ভৱতী মহিলাৰ বাবে কমলা অতি উপকাৰী।

আপুনি কমলা খাই ভাল পাই নেকি? যদি পায়, তেন্তে জানি লওক এইসমুহ উপকাৰীতা...

কমলাৰ ৰসে মুখ আৰু জিভাৰ ঘাঁ দুৰ কৰাৰ ওপৰিও শৰীৰৰ বিভিন্ন অংশত হোৱা ঘাঁ নিৰাময় কৰিব পাৰে।

বৰ্তমান সময়ত প্ৰায় ৫০ শতাংশ প্ৰাপ্তবয়স্ক লোকে ৰক্তচাপজনিত বিকাৰত ভোগা দেখা যায়। কমলাৰ ৰস নিয়মিত সেৱনে ৰক্তচাপ নিয়ন্ত্ৰণত অত্যন্ত লাভদায়ক বুলি প্ৰমাণিত হৈছে। হৃদৰোগৰ বাবেও কমলা যথেষ্ট উপকাৰী বুলি স্বাস্থ্য সম্পৰ্কীয় গৱেষনাত প্ৰমাণিত হৈছে।

কমলা হৈছে কেৰ’টেন’ইড সমৃদ্ধ। ইয়াত উপলব্ধ ভিটামিন এ চকুৰ শ্লেষ্মা আৱৰণ সুস্থ ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এ ভিটামিনে বাৰ্ধক্য সম্বন্ধীয় ৰোগ মাস্কোলাৰ অৱক্ষয় ৰোধ কৰাৰ বাবে সহায়ক। এই ৰোগ চৰম পৰ্যায়ত অন্ধত্বৰ কাৰক হ’ব পাৰে।

শৰীৰৰ পেশীসমুহৰ দুৰ্বলতা প্ৰতিৰোধৰ ক্ষেত্ৰতো কমলা অতি উপকাৰী। শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে আৱশ্যকীয় বিভিন্ন উপাদান কমলাত পোৱা যায়।

কমলাৰ কেইবাটাও উপাদানে ছালৰ বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি ছালখন মসৃন আৰু উজ্জ্বল কৰি তোলে।

আপুনি কমলা খাই ভাল পাই নেকি? যদি পায়, তেন্তে জানি লওক এইসমুহ উপকাৰীতা...

তেজত অতিৰিক্ত কলেষ্ট্ৰলৰ ফলত শৰীৰটো নানা ৰোগ আৰু ৰোগৰ উপসৰ্গৰ ভাণ্ডাৰ হৈ পৰে। শৰীৰৰ অতিৰিক্ত কলেষ্ট্ৰল হ্ৰাস কৰাৰ বাবে কমলা বিশেষভাৱে উপযোগী।

অজিকালিক আধুনিক জীৱনশৈলী আৰু খাদ্যভাসে কোষ্ঠকাঠিন্যৰ দৰে সমস্যাৰ সৃষ্টি কৰে। কমলা টেঙাই কোষ্ঠকাঠিন্য দুৰ কৰাৰ লগতে পাকস্থলীৰ হজম ক্ষমতাও বৃদ্ধি কৰে

তদুপৰি কমলাই ষ্ট্ৰোক আদিকে ধৰি বিভিন্ন স্নায়বিক ৰোগ প্ৰতিৰোধ কৰিব পাৰে। নিয়মিত কমলা সেৱনে এনে ৰোগৰ আশঙ্কা বহু পৰিমাণে কম হয়।

কমলাৰ ইমানবোৰ উপকাৰীতাৰ কথা শুনি আপোনাৰ নিশ্চয় কমলা খাবলৈ মন গৈছে। গতিকে পৰ্যাপ্ত পৰিমাণে বতৰৰ ফল কমলা খাই নিজকে যিমান পাৰি বিভিন্ন ধৰণৰ বেমাৰ হাত সাৰি সুস্থ সবল হৈ থাকিবলে যত্ন কৰক।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen + 8 =

Back to top button