চিকিৎসাস্বাস্থ্য

এইবিধ ভিটামিনৰ অভাৱত হ’ব পাৰে কঁকালৰ বিষ। কোনবোৰ খাদ্যত আছে এই ভিটামিন বিধৰ উপাদান!

কঁকালৰ বিষৰ উপশম কি!

মানুহৰ সততে হৈ থকা এবিধ ৰোগ হৈছে কঁকালৰ বিষ। আজিকালি বেছি সংখ্যক লোকেই চিকাৰ এইবিধ ৰোগৰ। বহু সময় ধৰি একেদৰে বহি থকা, শোৱতে খেলি-মেলি হোৱা, ভাগৰুৱা শৰীৰ হ’ব পাৰে কঁকালৰ বিষৰ কাৰণ। পুষ্টিহীনতাও কঁকালৰ বিষৰ অন্যতম কাৰণ হ’ব পাৰে। ভিটামিন B12ৰ অভাৱত শৰীৰত বিষৰ সৃষ্টি হয়। ভিটামিন B12 য়ে শৰীৰৰ ব্লাড চেল সমূহক সুস্থ কৰি ৰখাৰ উপৰিও শৰাৰত পুষ্টিৰ যোগান ধৰে। এই ভিটামিনৰ অভাৱত ব্যক্তিজনে ভাগৰুৱা অনুভৱ কৰে লগতে শৰীৰৰ বিভিন্ন অংশত বিশেষকৈ কঁকালৰ বিষ আৰম্ভ হয়।

 

শৰীৰত ভিটামিন B12ৰ অভাৱ দূৰ কৰিবলৈ হ’লে সলনি কিব লাগিব খাদ্যাভাস। ভিটামিন B12 উপাদানযুক্ত খাদ্য যেনে, গাখীৰ, দৈ, কণী, চীজ, কল, ষ্ট্ৰ’বেৰী, টুনা মাছ ইত্যাদি খাদ্য গ্ৰহণ কৰিব লাগে। গাখীৰ হালধী মিহলাই খালেও দূৰ হয় শৰীৰৰ বিভিন্ন বিষ।

 

কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ নিয়মিত শোৱাৰ আগত এগিলাছ গাখীৰত আধা চামুচ হালধী মিহলাই খাওঁক।
আদা আৰু গ্ৰিন ট্ৰী মিহলি কৰি প্ৰস্তুত কৰা Herbal Tea য়েও কঁকালৰ বিষৰ পৰা উপশম দিয়ে।
কঁকালৰ বিষৰ পৰা পৰিত্ৰাণ পাবলৈ গা ধুবলৈ সদায় গৰম পানীৰ ব্যৱহাৰ কৰক। লগতে গৰম পানীৰে সেক ল’লেও উপশম পোৱা যায় বিষৰ পৰা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen − three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.